টিংখাং,9 নৱেম্বৰ: ডিব্ৰুগড় জিলাৰ টিংখাঙৰ পিঠাগুটি চাৰিআলিত দেওবাৰে নিশা প্ৰায় 9.30 বজাত সংঘটিত হয় এক শোকাৱহ পথ দুৰ্ঘটনা । উক্ত দুৰ্ঘটনাটোৰ ফলত আটাছু বৰহাট আঞ্চলিক সমিতিৰ সদস্য তথা নাৰেমপথা গাঁৱৰ কৌশিক গগৈৰ মৃত্যু ঘটে । দেওবাৰে মৰাণত অনুষ্ঠিত আটাছুৰ চৰাইদেউ জিলা সমিতিৰ প্ৰতিনিধি সভাত অংশগ্ৰহণ কৰি বাইকেৰে ঘৰলৈ উভতি অহাৰ পথত দুৰ্ঘটনাটো সংঘটিত হয় ৷ চাৰিআলিটোত দিশ সলনি কৰিবলৈ লোৱাৰ সময়তে বাইকখনে নিয়ন্ত্ৰণ হেৰুওৱাৰ ফলত পথৰ দাঁতিত বাগৰি পৰে যুৱকগৰাকী ৷
দুৰ্ঘটনাটোৰ ফলত মূৰত প্ৰচণ্ড আঘাত পোৱা কিশোৰক সতীৰ্থসকলে ৰাজগড় সামূহিক স্বাস্থ্যকেন্দ্ৰলৈ নিয়ে যদিও চিকিৎসকে মৃত ঘোষণা কৰে ৷ দুৰ্ঘটনাটোৰ খবৰ লাভ কৰি নিশাৰ ভাগতে ৰাজগড় সামূহিক স্বাস্থ্যকেন্দ্ৰত উপস্থিত হয় আটাছুৰ কেন্দ্ৰীয় সভাপতি লিটুল বুঢ়াগোঁহাইসহ বহুকেইগৰাকী নেতা-কৰ্মী ৷ পৰৱৰ্তী সময়ত নেতাগৰাকীৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হয় ৷ কিশোৰ গগৈৰ মৃত্যুত আটাছুৰ নেতা-কৰ্মীসকলে গভীৰ শোকপ্ৰকাশ কৰে ৷