তিনিচুকীয়া,20মাৰ্চ: ৰাজ্যত বলিছে নিৰ্বাচনী গৰম বতাহ ৷ নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী থকা অৱস্থাত আগমণ ঘটিছে দেশৰ হাইপ্ৰফাইল নেতাৰ ৷ শনিবাৰে তিনিচুকীয়া জানমুখ খেলপথাৰত অনুষ্ঠিত হ'ব লগা বিশাল জনসভাত আহি উপস্থিত হ'ব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ৷এই সভাৰ জৰিয়তে তিনিচুকীয়া সমষ্টিৰ বিজেপি প্ৰাৰ্থিত্ব লাভ কৰা সঞ্জয় কিষান আৰু চাবুৱাৰ অগপ আৰু বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী পোনাকণ বৰুৱাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব মোডীয়ে ৷
কিন্তু দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী চাবুৱা আগমনৰ প্ৰাকমুহূৰ্তত চাবুৱা আঞ্চলিক ছাত্ৰ সন্থাই সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ ৷ কা আমি নামনো , বিজেপি চৰকাৰ গ' বেক আদি ধ্বনিৰে উত্তাল কৰি তোলে চাবুৱাৰ ৰাজপথ ৷ আছু কৰ্মীসকলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক কটাক্ষ কৰি কয় যে,মোডীয়ে নিজৰ ভাষণত উল্লেখ কৰা কোনো এটা প্ৰতিশ্ৰুতিয়েই পূৰণ নকৰিলে ৷ আগন্তুক নিৰ্বাচনত বিজেপি চৰকাৰৰ মিথ্যাচাৰৰ উচিত প্ৰত্যুত্তৰ দিয়া হ'ব বুলিও সকিয়নী দিয়ে কৰ্মীসকলে ৷
লগতে পঢ়কঃ সাংসদ তপন গগৈ পুনৰ ক'ৰনাত আক্ৰান্ত