ETV Bharat / state

টিংখাং আছুৰ উদ্যোগত তথ্যপত্ৰিকা উন্মোচন - aasu

টিংখাং মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ডঃ জ্যোতিমালা গোঁহাই ফুকনে বুধবাৰে উন্মোচন কৰে এখনি তথ্যপত্ৰিকা ৷ শিক্ষাৰ্থীসকলৰ ভৱিষ্যত দিশ নিৰ্ণয়ৰ স্বাৰ্থত প্ৰকাশ কৰি উলিয়াইছে কেৰিয়াৰকেন্দ্ৰিক তথ্য সম্বলিত এখনি তথ্যপত্ৰিকা ।

aasu-release-career-guidebook-etv-bharat-assam-news
টিংখাং আছুৰ উদ্যোগত 'তথ্যপত্ৰিকা' শুভ উন্মোচন
author img

By

Published : Jul 28, 2021, 9:25 PM IST

টিংখাং, 28 জুলাই : ক'ভিড সৃষ্ট পৰিৱেশ তথা দীঘলীয়া লক ডাউনে ৰাজ্যৰ শৈক্ষিক ক্ষেত্ৰখনত ব্যাপক প্ৰভাৱ পেলাইছে । বিশেষকৈ উচ্চ শিক্ষা আৰু কাৰিকৰী শিক্ষাৰ দিশত বিগত দুটা বছৰে বহুদূৰ পিছপৰি ৰ’বলগীয়া হৈছে শিক্ষাৰ্থীসকল । যাৰ বাবে শিক্ষাৰ্থীসকলৰ ভৱিষ্যতত কেৰিয়াৰ গঠনৰ ক্ষেত্ৰত গভীৰ অনিশ্চয়তাই দেখা দিছে ।

তেনে সময়তে এই জটিল মুহুৰ্তত ছাত্ৰ-ছাত্ৰীসকলক উচ্চ শিক্ষাৰ ক্ষেত্ৰত সঠিক মাৰ্গ দৰ্শনৰ বাবে টিংখাং আঞ্চলিক ছাত্ৰ সন্থাই গ্ৰহণ কৰিছে এক প্ৰশংসনীয় পদক্ষেপ । শিক্ষাৰ্থীসকলৰ ভৱিষ্যত দিশ নিৰ্ণয়ৰ স্বাৰ্থত প্ৰকাশ কৰি উলিয়াইছে কেৰিয়াৰকেন্দ্ৰিক তথ্য সম্বলিত এখনি তথ্যপত্ৰিকা । টিংখাং মহাবিদ্যালয়ৰ আলোচনা কক্ষত শিক্ষাৰ্থীসকলৰ সুবিধা হোৱাকৈ শৈক্ষিক পৰিকল্পনাৰ অংশ হিচাপে সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ তত্বাৱধানত, টিংখাং আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু শিক্ষাগুৰুসকলৰ পৰামৰ্শ লৈ পদ্ধতিকেন্দ্ৰিক তথা কেৰিয়াৰকেন্দ্ৰিক তথ্য সম্বলিত তথ্যপত্ৰিকাখন উন্মোচন কৰা হয় ।

টিংখাং আছুৰ উদ্যোগত 'তথ্যপত্ৰিকা' শুভ উন্মোচন

তথ্যপত্ৰিকাখনি উন্মোচন কৰে টিংখাং মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ডঃ জ্যোতিমালা গোঁহাই ফুকনে । সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক অৱনী কুমাৰ গগৈ, বিত্ত সম্পাদক পল্লৱ বৰা, সাংগঠনিক সম্পাদক ৰাজেন মুণ্ডাৰী, শিক্ষা সম্পাদক মানসজ্যোতি চাংমাইৰ লগতে স্থানীয় শিক্ষক তথা সচেতন মহলৰ উপস্থিতিত অনুষ্ঠিত হোৱা উন্মোচনী অনুষ্ঠানত শৈক্ষিক দিশৰ ওপৰত এক গাম্ভীৰ্যপূৰ্ণ আলোচনা অনুষ্ঠিত হয় । ইফালে প্ৰকাশ কৰি উলিওৱা তথ্যপত্ৰিকাসমূহ ছাত্ৰ-ছাত্ৰীসকলৰ ঘৰে ঘৰে গৈ হাতে-হাতে বিতৰণ কৰাৰ ব্যবস্থা কৰিছে টিংখাং আঞ্চলিক ছাত্ৰ সন্থাই ।

লগতে পঢ়ক: Tokyo Olympics: কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ বক্সাৰ পূজা ৰাণীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.