ETV Bharat / state

মূল্যবৃদ্ধিৰ বিৰুদ্ধে ডিব্ৰুগড়ত আছুৰ প্ৰতিবাদ

author img

By

Published : Aug 8, 2021, 11:25 AM IST

মাহমৰাৰ কাকতিবাৰীত মাহমৰা আঞ্চলিক ছাত্ৰ সন্থাই মূল্যবৃদ্ধিৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । মৰাণতো সদৌ চৰাইদেউ জিলা ছাত্ৰ সন্থাৰ আহ্বানত মৰাণ আঞ্চলিক ছাত্ৰ সন্থাই প্ৰতিবাদ সাব্যস্ত কৰে । অতি শীঘ্ৰে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য হ্ৰাস কৰাৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণৰ বাবে চৰকাৰৰ ওচৰত আহ্বান জনাই ছাত্ৰ সন্থাৰ ।

aasu protset
মূল্যবৃদ্ধিৰ বিৰুদ্ধে ডিব্ৰুগড়ত আছুৰ প্ৰতিবাদ

মৰাণ, ৮ আগষ্ট : সমগ্ৰ দেশতে ক'ভিডৰ (Covid) সংক্ৰমণ অব্যাহত আছে । বিগত বছৰৰ পৰা মহামাৰী আৰু লক ডাউনে (Lockdown) একপ্ৰকাৰ জুৰুলা কৰি পেলাইছে সৰ্বসাধাৰণ ৰাইজক । আৰ্থিক সংকটত (Financial crisis) পৰিছে বহু লোক । কিন্তু তাৰ পাছতো পেট্ৰ'ল, ডিজেলকে ধৰি বিভিন্ন অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম যথেষ্ট পৰিমাণে বৃদ্ধি হৈছে ।

ফলত মহামাৰীত জুৰুলা হোৱা সৰ্বাসাধাৰণ নাগৰিকৰ বাবে জীৱিকা নিৰ্বাহৰ বাবে চৰম সংকট আহি পৰিছে । লক্ষণীয়ভাৱে অসমতো মূল্যবৃদ্ধিৰ (Price hike) ব্যাপক প্ৰভাৱ পৰা দেখা গৈছে । একাংশ লোকে আনকি দুবেলা দুমুঠি খাবলৈও হাহাকাৰ কৰিবলগীয়া পৰিৱেশৰ সৃষ্টি হৈছে । কিন্তু ৰাইজৰ এনে দুৰ্দশা দেখিও কোনো গুৰুত্ব নাই চৰকাৰৰ ।

নিৰ্বাচনৰ পূৰ্বে বিভিন্ন প্ৰতিশ্ৰুতি দি ঘৰে ঘৰে যোৱা নেতাসকলো আজি নিমাত । সেয়ে চৰকাৰৰ এনে নিৰ্লিপ্ত ভূমিকাৰ বাবে ৰাজ্যজুৰি বিভিন্ন দল সংগঠনসমূহে প্ৰতিবাদ সাব্যস্ত কৰিছে । বাকী জিলাসমূহৰ দৰে শনিবাৰে ৰাজ্যিক মন্ত্ৰী যোগেন মহনৰ গৃহ সমষ্টি মাহমৰাত দেখা গ'ল বৃহৎ প্ৰতিবাদ । মাহমৰাৰ কাকতিবাৰীত মাহমৰা আঞ্চলিক ছাত্ৰ সন্থাই মূল্যবৃদ্ধিৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ।

আনহাতে মৰাণতো সদৌ চৰাইদেউ জিলা ছাত্ৰ সন্থাৰ আহ্বানত মৰাণ আঞ্চলিক ছাত্ৰ সন্থাই প্ৰতিবাদ সাব্যস্ত কৰে । মৰাণ ট্ৰেফিক পইণ্টত লগতে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত বিক্ষোভ প্ৰদৰ্শনেৰে চৰকাৰ বিৰোধী বিভিন্ন শ্ল'গান দি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে আছুৰ (AASU) কৰ্মীসকলে । আছু কৰ্মীৰ অভিযোগ ভাল দিনৰ কথা কোৱা এই বিজেপি চৰকাৰখন পেট্ৰ'ল-ডিজেলকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰাত সম্পূৰ্ণ বিফল হৈছে ।

সেয়ে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma) আৰু যোগান মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে (Ranjit Kumar Das) ব্যৰ্থতা স্বীকাৰ কৰি পদত্যাগ কৰিব লাগে বুলিও দাবী উত্থাপন কৰে আছু নেতা তথা কৰ্মীসকলে । অতি শীঘ্ৰে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য হ্ৰাস কৰাৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণৰ বাবেও চৰকাৰৰ ওচৰত আহ্বান জনাই ছাত্ৰ সন্থাই । অন্যথা ৰাজ্যজুৰি বিশাল প্ৰতিবাদ সাব্যস্ত কৰাৰ হুংকাৰ দিয়ে আছু কৰ্মীসকলে ।

লগতে পঢ়ক: উত্তপ্ত সীমান্ত পৰিদৰ্শন মন্ত্ৰী অশোক সিংঘাল আৰু পৰিমল শুক্লবৈদ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.