টিংখং , ৭ ফেব্ৰুৱাৰী: সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে দেওবাৰে টিংখং আঞ্চলিক ছাত্ৰ সন্থা আৰু ৰাজগড় আঞ্চলিক ছাত্ৰ সন্থাই টিংখঙৰ পেট্ৰ'ল পাম্প আৰু ৰাজগড় পেট্ৰ'ল পাম্পৰ সমীপত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । পেট্ৰ'ল-ডিজেল লগতে অত্য়াৱশ্য়কীয় সামগ্ৰীৰ মূল্য় হ্ৰাস কৰাৰ দাবীত তীব্ৰ প্ৰতিবাদ সাব্য়স্ত কৰে আছু সদস্য়সকলে ।
প্ৰতিবাদকাৰী সকলে মূল্য বৃদ্ধি ৰোধ কৰিব নোৱাৰা বিজেপি চৰকাৰ নিপাত যাওক,মূল্য বৃদ্ধি ৰোধ কৰক, বিজেপি চৰকাৰ হায় হায় আদি বিভিন্ন চৰকাৰ বিৰোধী শ্লোগানেৰে টিংখঙৰ পৰিবেশ উত্তাল কৰি তোলে । অত্য়াৱশ্য়কীয় সামগ্ৰীৰ মূল্য় অতি শীঘ্ৰে হ্ৰাস নকৰিলে অনাগত দিনত তীব্ৰ আন্দোলনৰো হুংকাৰ দিয়ে আছুৰ কৰ্মী সকলে ।
লগতে পঢ়ক:চিৰাং জিলাত দুটাকৈ ভয়ংকৰ অগ্নিকাণ্ড