ETV Bharat / state

টিংখাঙত ছাত্ৰ সন্থাৰ প্ৰতিবাদী কাৰ্যসূচী

author img

By

Published : Feb 1, 2021, 5:37 PM IST

সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে ডিব্ৰুগড়ৰ টিংখাঙত ছাত্ৰ সন্থাৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ । শুৱালকুছি আৰু তেজপুৰত সংগঠনটোৱে প্ৰতিবাদ সাব্যস্ত কৰাৰ সময়ত আন্দোলনকাৰীৰ ওপৰত আৰক্ষীয়ে চলোৱা নিৰ্যাতনৰ বিৰুদ্ধে প্ৰতিবাদ । মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিকৃতি দাহ কৰিলে প্ৰতিবাদকাৰীয়ে ।

টিংখঙত ছাত্ৰ সন্থাৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ

টিংখাং, 1 ফেব্ৰুৱাৰী: সোমবাৰে ৰাজ্যজুৰি প্ৰতিবাদত নামিল সদৌ অসম ছাত্ৰ সন্থাৰ সদস্যসকল । ডিব্ৰুগড়ৰ টিংখাঙতো চৰকাৰৰ দমন নীতিৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিলে টিংখাং আঞ্চলিক ছাত্ৰ সন্থা আৰু ৰাজগড় আঞ্চলিক ছাত্ৰ সন্থাই ।

উল্লেখ্য যে, সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে নাগৰিকত্ব (সংশোধনী) আইন বাতিল, পৰিৱেশিক প্ৰভাৱ নিৰূপণ অধিসূচনা প্ৰত‍্যাহাৰ, অসম চুক্তিৰ ৬ নং দফা ৰূপায়ণ লগতে অসম চুক্তি অনুসৰি জ্বলন্ত বিদেশী সমস্যা সমাধানৰ দাবীত ৰাজ্যৰ আন ঠাইৰ লগতে শুৱালকুছি আৰু তেজপুৰতো আঞ্চলিক ছাত্ৰ সন্থাই প্ৰতিবাদ সাব্যস্ত কৰিছিল । অহিংস আৰু গণতান্ত্ৰিকভাৱে গ্ৰহণ কৰা প্ৰতিবাদী কাৰ্যসূচীত বাধা প্ৰদান কৰিবলৈ প্ৰতিবাদকাৰীক আৰক্ষী বাহিনীয়ে কৰা বৰ্বৰ আক্ৰমণৰ ফলত কেইবাজনো ছাত্ৰ সন্থাৰ কৰ্মী গুৰুতৰভাৱে আহত হৈ চিকিৎসাধীন হ'বলগীয়া হয় ৷

এই আক্রমণৰ প্ৰতিবাদত সোমবাৰে সমগ্ৰ ৰাজ্যতে সদৌ অসম ছাত্ৰ সন্থাৰ আঞ্চলিক সমিতিসমূহে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিকৃতি দাহ কৰে । সমান্তৰালকৈ টিংখাং আঞ্চলিক ছাত্ৰ সন্থা আৰু ৰাজগড় আঞ্চলিক ছাত্ৰ সন্থায়ো টিংখাঙৰ তেল ডিপোৰ সমীপত আৰু ৰাজগড় কনিষ্ঠ মহাবিদ্যালয়ৰ সমীপত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । ছাত্ৰ সন্থাৰ প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ বৰ্বৰতা কোনো কাৰণতে সহ্য কৰা নহ'ব বুলিও সকিয়াই দিয়ে সংগঠনৰ নেতা-কৰ্মীসকলে ।

লগতে পঢ়ক:নাৰায়ণপুৰত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ জন্মদিন উদযাপন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.