নামৰূপ, ১২ ছেপ্টেম্বৰ: ভাৰত চৰকাৰে নিৰ্বিনিয়োজন নীতিৰ আধাৰত ব্ৰহ্মপুত্ৰ ভেলি ফাৰ্টিলাইজাৰ ক’ৰ্পৰেচন(Brahmaputra Valley Fertilizer Corporation) অৰ্থাৎ নামৰূপ সাৰ কাৰখানাৰ অংশ বিক্ৰী কৰিবলৈ লোৱা সিদ্ধান্তত নামৰূপত ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি হৈছে(AASU protest in Namrup) । সাৰ কাৰখানাৰ দুয়োখন ইউনিয়নে এই সিদ্ধান্তৰ বিৰোধীতা কৰি থকাৰ সমান্তৰালত দেওবাৰে নামৰূপ আছুৱে সাৰ কাৰখানাৰ মুখ্য প্ৰৱেশদ্বাৰৰ সন্মুখত সাব্যস্ত কৰে ব্যাপক প্ৰতিবাদ ৷ সাৰমন্ত্ৰীৰ পুত্তলিকা দাহ কৰি সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ(Protest by burning effigy of fertiliser minister) ।

সংগঠনটোৱে কেন্দ্ৰীয় সাৰ মন্ত্ৰী মনসুখ মাণ্ডিভিয়াৰ প্ৰতিমূৰ্তি দাহ কৰি সাৰ কাৰখানাৰ ব্যক্তিগতকৰণৰ বিৰোধীতা কৰে । প্ৰতিবাদ কাৰ্যসূচীত সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক অৱনী কুমাৰ গগৈ উপস্থিত থাকি কেৱল নিৰ্বাচনী বৈতৰণী পাৰ কৰিবলৈ ৰাজনৈতিক দলসমূহে সাৰ কাৰখানাক ব্যৱহাৰ কৰে বুলি উল্লেখ কৰি সাৰ কাৰখানা ৰক্ষা কৰাৰ ব্যাপক গণতান্ত্ৰিক গন আন্দোলনৰ হুংকাৰ কথা ঘোষণা কৰে ।
লগতে পঢ়ক: মৰিগাঁৱত দুই জেহাদী আটক