ETV Bharat / state

AASU protest in Duliajan: ৰামেশ্বৰ তেলীৰ গৃহ সমষ্টিত আছুৰ প্ৰতিবাদ - Union Minister Rameshwar Teli

কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ গৃহ সমষ্টিত প্ৰতিবাদৰ পাছত প্ৰতিবাদ । এইবাৰ জৰাজীৰ্ণ পথ নিৰ্মাণৰ দাবীত টেঙাখাতত আছুৱে পথ অৱৰোধ কৰি ৰূপায়ন কৰে ধৰ্ণা কাৰ্যসূচী । শীঘ্ৰে পথ নিৰ্মাণ নকৰিলে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ ।

AASU protest demanding construction of road
ৰামেশ্বৰ তেলীৰ গৃহ সমষ্টিত আছুৰ প্ৰতিবাদ
author img

By ETV Bharat Assamese Team

Published : Sep 6, 2023, 6:39 PM IST

ৰামেশ্বৰ তেলীৰ গৃহ সমষ্টিত আছুৰ প্ৰতিবাদ

ডিব্ৰুগড়,৬ ছেপ্টেম্বৰ: পৰিৱৰ্তনৰ নামত ৰাজ্য চৰকাৰে ৰঙীণ বিজ্ঞাপন দি উন্নয়নৰ জয়গান গাই থকা সময়ত খোদ কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ গৃহ সমষ্টিত উন্নয়ন বিচাৰি হাহাকাৰ কৰিছে ৰাইজে । মন্ত্ৰীগৰাকীৰ গৃহ সমষ্টিত মূল পথৰ জৰাজীৰ্ণ অৱস্থাই জ্বলাকলা খুৱাইছে ৰাইজক । কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ লগতে দুলীয়াজানৰ বিধায়ক তেৰছ গোৱালাই পথ নিৰ্মাণত গুৰুত্ব প্ৰদান নকৰাত দুলীয়াজান সমষ্টিৰ মূল পথ চোৱাৰ দুৰৱস্থাৰ ফলত জীয়াতু ভুগিছে সাধাৰণ জনতাই ।

ফলত বুধবাৰে পথ নিৰ্মাণৰ দাবীত টেঙাখাতত আছুৱে পথ অৱৰোধ কৰি ৰূপায়ন কৰে প্ৰতিবাদী কাৰ্যসূচী । ডিব্ৰুগড় জিলাৰ দুলীয়াজান বিধানসভা সমষ্টিৰ অন্তৰ্গত লোকনিৰ্মান বিভাগৰ অধীনস্থ লাহোৱাল টিংৰাই চাৰিআলি টেঙাখাত, দুলীয়াজান, নাহৰকটীয়া আৰু নামৰূপ সংযোগী পথটি একেবাৰে জৰাজীৰ্ণ হৈ পৰাত ৰাইজৰ যাতায়তত ব্যাপক সমস্যাৰ সৃষ্টি হৈছে ।

উক্ত পথটি নিৰ্মাণৰ বাবে কৰ্তৃপক্ষক বাৰম্বাৰ আবেদন নিবেদন কৰাৰ স্বত্ত্বেও কোনো ফলাফল লাভ নকৰাত টেঙাখাত আঞ্চলিক ছাত্ৰ সন্থা , দুলীয়াজান আঞ্চলিক ছাত্ৰ সন্থা আৰু নাহৰকটীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ বহু সংখ্যক নেতা কৰ্মীয়ে উক্ত পথৰ টিংৰাই দলঙৰ সমীপত অৱস্থান কৰি পথ অৱৰোধ কৰে । প্ৰতিবাদকাৰীসকলে পথ অৱৰোধৰ লগতে "পথ নিৰ্মান কৰিব লাগিবই, পথ নিৰ্মাণ কৰিব নোৱাৰা কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী হাঁয় হাঁয়, বিধায়ক তেৰছ গোৱালাৰ কাম নাই, বিজেপি চৰকাৰ মূৰ্দাবাদ , বিজেপি গ'বেক" আদি বিভিন্ন প্ৰতিবাদী শ্ল'গান দি উত্তাল পৰিৱেশৰ সৃষ্টি কৰে ।

প্ৰখৰ ৰ'দকো নেওচি প্ৰায় আধাঘণ্টা সময় পথ অৱৰোধ কৰাত ব্যাপক যানজঁটৰ সৃষ্টি হোৱা পৰিলক্ষিত হয় । ইফালে প্ৰতিবাদস্থলীত টেঙাখাত আৰক্ষী থানাৰ সহকৰী আৰক্ষী বিষয়া যুগল সোণোৱালসহ আৰক্ষী বাহিনীয়ে যান-বাহন নিয়ন্ত্ৰণ কৰাৰ লগতে দিনৰ প্ৰায় ১ বজাত প্ৰতিবাদস্থলীত টেঙাখাত ৰাজহ চক্ৰ বিষয়া নিতুল খাটনিয়াৰ উপস্থিত হোৱাত টেঙাখাত আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি অভিজিত শইকীয়া সম্পাদক প্ৰকাশ শইকীয়াকে আদি কৰি কেইবাগৰাকীও আছু নেতাৰ স্বাক্ষৰিত সুকীয়া সুকীয়া স্মাৰক পত্ৰ টেঙাখাত ৰাজহ চক্ৰ বিষয়াক প্ৰদান কৰাৰ লগতে প্ৰতিলিপি ডিব্ৰুগড়ৰ আয়ুক্ত আৰু লোকনিৰ্মাণ বিভাগৰ ডিব্ৰুগড় কাৰ্যবাহী অভিযন্তালৈ প্ৰেৰণ কৰে ।

লগতে পঢ়ক: Sri Krishna Janmashtami: কলিয়াবৰত শ্ৰীকৃষ্ণ জন্মাষ্টমী উদযাপন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.