ETV Bharat / state

নামৰূপত কা বাতিলৰ দাবীৰে আছুৰ উত্তাল প্ৰতিবাদ - কা বাতিলৰ দাবী

বুধবাৰে ডিব্ৰুগড়ৰ নামৰূপত নামৰূপ আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰতিবাদ ৷ প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে প্ৰায় তিনি শতাধিক লোক ৷ বিভিন্ন কা বিৰোধী শ্ল’গানেৰে প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে ৷

AASU protest
আছুৰ প্ৰতিবাদ
author img

By

Published : Dec 24, 2020, 8:42 AM IST

Updated : Dec 24, 2020, 8:55 AM IST

নাহৰকটীয়া,24 ডিচেম্বৰ : ৰাজ্যজুৰি নাগৰিকত্ব সংশোধনী আইন বিৰোধী গণ আন্দোলন আৰম্ভ হোৱাৰ সমান্তৰালকৈ ডিব্ৰুগড়ৰ নামৰূপতো পুনৰ এই আন্দোলনে গা কৰি উঠিছে ৷ বুধবাৰে সন্ধিয়া সোনাৰী তিনিআলিৰ পৰা এক জোঁৰ সমদল কাৰ্যসূচী ৰূপায়ণ কৰে নামৰূপ আঞ্চলিক ছাত্ৰ সন্থাই ৷

প্ৰায় তিনি শতাধিক লোকৰ উপস্থিতিত ৰূপায়ণ কৰা হয় এই প্ৰতিবাদী কাৰ্যসূচী ৷ প্ৰতিবাদকাৰীসকলে কা আমি নামানো,বিজেপি চৰকাৰ মূৰ্দাবাদ,কা বাতিল কৰক আদি বিভিন্ন শ্ল’গানেৰে নামৰূপৰ পৰিৱেশ উত্তাল কৰি তোলে ৷

আছুৰ প্ৰতিবাদ

নামৰূপ আছুৰ ভাৰপ্ৰাপ্ত সভাপতি সত্যপ্ৰতিম ৰাজপুত আৰু সাধাৰণ সম্পাদক অসীম ফুকনৰ নেতৃত্বত ৰূপায়িত এই প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকে সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক অৱনী কুমাৰ গগৈ,কাৰ্যনিৰ্বাহক মানসজ্যোতি চাংমাইকে প্ৰমুখ্যে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি ৷

লগতে পঢ়ক : বিটিচি চৰকাৰ গঠনক লৈ উদ্বিগ্ন বড়ো সাহিত্য সভা

Last Updated : Dec 24, 2020, 8:55 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.