মৰাণ, 7মাৰ্চ : মাহমৰা আঞ্চলিক ছাত্র সন্থাৰ সাধাৰণ সম্পাদক চিৰঞ্জীৱ বৰগোহাঁইৰ নেতৃত্বত মাহমৰা আঞ্চলিক ছাত্র সন্থাৰ সাংস্কৃতিক সম্পাদককে ধৰি ৬ জন ছাত্র সন্থা কৰ্মীয়ে আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰে ৷ অসম জাতীয় পৰিষদ সলনি বিজেপিত যোগদান কৰে আছু কৰ্মীসকলে ৷
অসম চৰকাৰৰ মন্ত্ৰী তথা মাহমৰা সমষ্টিৰ বিধায়ক যোগেন মহনে গামোচা পিন্ধাই দললৈ উষ্ম আদৰণি জনাই আছু কৰ্মী সকলক । নিৰ্বাচনৰ প্ৰাকক্ষণত আছু নেতা কৰ্মীয়ে অসম জাতীয় পৰিষদৰ সলনি বিজেপিত যোগদান কৰা বিষয়টোৱে মৰাণ আৰু মাহমৰাত ইতিমধ্যে চৰ্চা লাভ কৰিছে ।
লগতে পঢ়ক:তেজপুৰত অগপ শূন্য: বৃন্দাবন গোস্বামীৰ সমৰ্থকে জ্বলাই দিলে দলৰ নথি-পত্ৰ