ETV Bharat / state

Namrup BVFCL: সাৰকাৰখানাৰ প্ৰৱেশদ্বাৰত আছুৰ প্ৰতিবাদী সমদল

author img

By ETV Bharat Assamese Team

Published : Aug 28, 2023, 8:01 PM IST

নামৰূপ সাৰকাৰখানা ৰক্ষাৰ দাবীত আৰম্ভ হোৱা আন্দোলনখন আজিও অব্যাহত আছে । সোমবাৰে নামৰূপ সাৰকাৰখানা বন্ধ কৰা কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্ত বাতিল, নামৰূপ সাৰকাৰখানা চতুৰ্থ গোট স্থাপন আৰু বৃহৎ ৰাসায়নিক সাৰ কেলেংকাৰী কেন্দ্ৰীয় তদন্তকাৰী সংস্থাৰ যোগেদি তদন্তৰ দাবীত সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাই নামৰূপ আঞ্চলিক ছাত্ৰ আৰু নামৰূপবাসী ৰাইজৰ সহযোগত এক প্ৰতিবাদী সমাৱেশ কাৰ্যসূচী ৰূপায়ণ কৰে ৷

Namrup BVFCL
আছুৰ প্ৰতিবাদী সমদল

আছুৰ প্ৰতিবাদী সমদল

নাহৰকটীয়া, ২৮ আগষ্ট : নামৰূপ সাৰকাৰখানাৰ প্ৰৱেশদ্বাৰত অনুষ্ঠিত হয় "নামৰূপ সাৰকাৰখানা বচাওঁ আহক" শীৰ্ষক এক প্ৰতিবাদী কাৰ্যসূচী ৷ উক্ত প্ৰতিবাদী কাৰ্যসূচীত নামৰূপ সাৰকাৰখানাত চলি থকা বহিৰাগত লবীৰ দুৰ্নীতি, ভ্ৰষ্টাচাৰ আৰু নামৰূপ বিৰোধী ষড়যন্ত্ৰ বন্ধ কৰাৰ বাবে প্ৰবল প্ৰতিবাদ সাব্যস্ত হয় । উল্লেখ্য যে, ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাই সাৰকাৰখানাৰ বন্ধৰ বিৰোধিতাৰে প্ৰায় দুমাহ ধাৰাবাহিক কাৰ্যসূচী গ্ৰহণ কৰি আহিছে আৰু ইয়াৰ মাজতে কেন্দ্ৰীয় সাৰমন্ত্ৰী মনসুখ মাণ্ডব্যক দিল্লীত সাক্ষাৎ কৰিছে ৷ কিন্তু দিল্লীৰ সাৰ মন্ত্ৰীৰ সৈতে হোৱা বৈঠকত সঠিক সমাধান লাভ নকৰি আছুৱে পুনৰ সাৰকাৰখানা ৰক্ষাৰ দাবীত ধাৰাবাহিক আন্দোলন কাৰ্যসূচী গ্ৰহণ কৰিছে ।

আজিৰ প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি জিলা ছাত্ৰ সন্থাৰ সভাপতি বুলবুল দত্তই কয় যে সদৌ অসম ছাত্ৰ সন্থা তথা সমগ্ৰ অসমৰ জাতীয় দল সংগঠনে সাৰকাৰখানাৰ প্ৰৱেশদ্বাৰৰ সন্মুখত দীৰ্ঘদিন ধৰি আন্দোলন কৰি আহিছে যদিও আজি পৰ্যন্ত কোনো এজন কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰৰ প্ৰতিনিধি নামৰূপত উপস্থিত হৈ ৰাইজক আশ্বস্ত কৰিব নোৱাৰা পৰিঘটনাই সাৰকাৰখানাটোক যে স্বাভাৱিক মৃত্যুৰ দিশলৈ আগবঢ়াই নিছে সেয়া স্পষ্ট হৈছে৷ দত্তই আৰু কয় যে উত্তৰ পূবৰ একমাত্ৰ ৰাসায়নিক সাৰৰ উদ্যোগ নামৰূপ সাৰকাৰখানাৰ এখন হাজাৰ কোটি টকাৰ বজাৰ আছে । সাৰকাৰখানাটো বন্ধ কৰি এই হাজাৰ কোটি টকাৰ বজাৰখন পুঁজিপতি গোষ্ঠীক গতাবৰ বাবে কেন্দ্ৰীয় চৰকাৰখনে ষড়যন্ত্ৰ কৰিছে ৷

ইফালে মৃত উদ্যোগটোত সাৰৰ কেলেংকাৰী কৰি চেঁপি খোৱা সাৰকৰ্তৃপক্ষক ক্ষুৰধাৰ সমালোচনা কৰে জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক অৱনী কুমাৰ গগৈয়ে ৷ ছাত্ৰ নেতাজনে আৰু কয় যে সাৰকাৰখানাৰ এটা চক্ৰই বিগত বছৰৰ ফেব্ৰুৱাৰী মাহত নতুনকৈ বিতৰণ কৰা মুঠ ৭০০ ডিলাৰৰ প্ৰত্যেকৰ পৰা কেইবালাখ টকাৰ সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপন হৈছে আৰু এই বিষয়ত সাৰকাৰখানাৰ উৰ্ধতন কৰ্তৃপক্ষ নিশ্চুপ হৈ আছে ৷

সোমবাৰে সাৰকাৰখানাৰ প্ৰৱেশদ্বাৰত অনুষ্ঠিত হোৱা প্ৰতিবাদৰ সময়ত মূল গেট বন্ধ কৰি সাৰকাৰখানাৰ প্ৰশাসনে কৰ্মচাৰীসকলে প্ৰতিবাদত অংশগ্ৰহণ নকৰিবলৈ অন্য এখন গেট খুলি দিয়া কাৰ্যক ভাষণ প্ৰসংগত ছাত্ৰ নেতাজনে কটাক্ষ কৰি কয় যে উদ্যোগটোৰ কৰ্মচাৰীসকলে কৰ্তৃপক্ষৰ দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰৰ বিষয়ে অৱগত হ’ব বুলিয়েই ভয়তে গেট বন্ধ কৰি প্ৰতিবাদী কাৰ্যসূচী বিফল কৰিবলৈ লৈছে ৷ কিন্তু ছাত্ৰ সন্থাই এই দুৰ্নীতিৰ বিৰুদ্ধে আজিৰে পৰা অধিক শক্তিশালীভাৱে মাত মাতিব আৰু জিলাখনৰ প্ৰতিটো প্ৰান্তত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিব ৷ আজিৰ কাৰ্যসূচীত আছুৰ কেন্দ্ৰীয় সমিতিৰ সাংস্কৃতিক সম্পাদক তচেন ডেকা, কাৰ্যনিৰ্বাহক অনিল গগৈ, সাৰকাৰখানাৰ আটাইকেইখন ইউনিয়ন সহ সহস্ৰাধিক ছাত্ৰ কৰ্মীয়ে অংশগ্ৰহণ কৰে ৷

লগতে পঢ়ক : Closure of Namrup BVFCL:আছুৱে বিচাৰিছে আধ্যাত্মিকতাই চৰকাৰক সুমতি প্ৰদান কৰক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.