ETV Bharat / state

যোগেন মহনৰ গৃহ সমষ্টিত শিক্ষক অবিহনে চলিছে বহু বিদ্যালয়

author img

By

Published : Oct 5, 2021, 11:40 AM IST

কেবিনেট মন্ত্ৰী যোগেন মহনৰ গৃহ সমষ্টি মাহমৰাত শিক্ষকবিহীন ভাবেই চলিছে বহু শিক্ষানুষ্ঠান ৷ মাহমৰাৰ শিক্ষানুষ্ঠানত শিক্ষক-কৰ্মচাৰীৰ অভাৱ ৷ উপায়ন্তৰ হৈ ছাত্ৰ-সন্থাই এই সন্দৰ্ভত উপায়ুক্তক প্ৰদান কৰে স্মাৰক পত্ৰ ৷

aasu-gives-memorandum-to-dc-on-lack-of-teachers-at-schools-etv-bharat-news
কেবিনেট মন্ত্ৰীৰ গৃহ সমষ্টি মাহমৰাত শিক্ষানুষ্ঠানত নাই শিক্ষক

মৰাণ, 5 অক্টোবৰ : শিক্ষক অবিহনেই কেবিনেট মন্ত্ৰী যোগেন মহনৰ গৃহ সমষ্টিত চলি আছে শিক্ষানুষ্ঠান ৷ ৰাজ্যৰ শিক্ষা খণ্ডৰ বিকাশৰ কথা সততে কৈ থকা হয় যদিও চৰাইদেউ জিলাৰ মাহমৰা বিধানসভা সমষ্টিৰ বিভিন্ন শিক্ষানুষ্ঠানত শিক্ষক-কৰ্মচাৰীৰ অভাৱৰ বাবেই এতিয়া ছাত্ৰ-ছাত্ৰীসকলে পাঠ গ্ৰহণত যথেষ্ট অসুবিধাৰ সন্মুখীন হ’ব লগা হৈছে ৷ এই অভিযোগ উত্থাপন কৰিছে মাহমৰাবাসী ৰাইজে ৷

উপায়ন্ত হৈ মাহমৰা আঞ্চলিক ছাত্ৰ সন্থা কাষ চাপিছে জিলা উপায়ুক্তৰ ৷ ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী যোগেন মহনৰ গৃহ সমষ্টিত শিক্ষাখণ্ডৰ এনে দুৰৱস্থাৰ বাবে সোমবাৰে মাহমৰা আঞ্চলিক ছাত্ৰ সন্থাই এখন স্মাৰকপত্ৰ প্ৰদান কৰে চৰাইদেউ জিলা উপায়ুক্তক । স্মাৰকপত্ৰত উল্লেখ কৰা অনুসৰি, মাহমৰা আঞ্চলিক ছাত্ৰ সন্থাৰ সাংগঠনিক এলেকাৰ মাহমৰা ৰাজহ চক্ৰৰ অধীনৰ গড় চাৰিআলি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সোতৰ জন শিক্ষক আৰু তিনি জন কৰ্মচাৰী, ডিপ্লীং উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পাঁচজন শিক্ষক আৰু এজন কৰ্মচাৰী, দিচাংপানী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এজন কৰ্মচাৰীৰ পদ খালী হৈ আছে ৷

aasu-gives-memorandum-to-dc-on-lack-of-teachers-at-schools-etv-bharat-news
স্মাৰক পত্ৰ প্ৰেৰণ

আনকি মাহমৰা উচ্চ মাধ্যমিক বিদ্যালয়ত দুজন শিক্ষক আৰু এজন কৰ্মচাৰী, শ্বহীদ কনকলতা উচ্চ মাধ্যমিক বিদ্যালয়ত চাৰিজন শিক্ষক আৰু এজন কৰ্মচাৰীৰ পদো বৰ্তমান কৰ্মচাৰী অবিহনেই পৰি আছে ৷

লগতে পঢ়ক: উত্তৰ প্ৰদেশৰ খেৰীৰ হিংসাত্মক ঘটনাৰ ভাইৰেল হ’ল ভিডিঅ’

আনহাতে, মিলনপুৰ দেউঘৰীয়া উচ্চ মাধ্যমিক বিদ্যালয়ত এজন শিক্ষক আৰু দুজন কৰ্মচাৰী, বালিজান উচ্চ মাধ্যমিক বিদ্যালয়ত চাৰিজন শিক্ষক আৰু এজন কৰ্মচাৰী, ডিপ্লীং তিনিআলি উচ্চ ইংৰাজী বিদ্যালয়ত পাঁচজন শিক্ষক আৰু আলহাজ জে আহমেদ সোঁৱৰণী বিদ্যালয়ত আঠজন শিক্ষক আৰু তিনিজন কৰ্মচাৰীৰ পদত বৰ্তমানেও খালী হৈ আছে ৷ ইফালে সোণাৰি সমষ্টিৰ সোণাৰি ৰাজহ চক্ৰৰ অধীনৰ ভজো উচ্চ মাধ্যমিক বিদ্যালয়ত দহজন শিক্ষক আৰু চাৰিজন কৰ্মচাৰীৰ পদ খালী হৈ থকাত শিক্ষানুষ্ঠান সমূহে শ্ৰেণী পৰিচালনা কৰাত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে ।

শিক্ষকৰ অভাৱত ছাত্ৰ-ছাত্ৰীসকল দীৰ্ঘদিন ধৰি পাঠ গ্ৰহণৰ পৰা বঞ্চিত হোৱাৰ লগতে তেওঁলোকৰ শৈক্ষিক ভৱিষ্যত অন্ধকাৰৰ দিশে গতি কৰিছে । ইয়াৰ পৰিপ্ৰেক্ষিতত মাহমৰা আঞ্চলিক ছাত্ৰ সন্থাই এই শিক্ষানুষ্ঠানসমূহত খালী হৈ থকা শিক্ষক-কৰ্মচাৰীৰ পদত অতি শীঘ্ৰেই নিযুক্তিৰ দাবী জনোৱাৰ লগতে ছাত্ৰ-ছাত্ৰীৰ স্বাৰ্থত শীঘ্ৰে এই সমস্যা সমাধান কৰাৰ ব্যৱস্থা গ্ৰহণ নকৰিলে গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলা হ'ব বুলি স্মাৰক পত্ৰত উল্লেখ কৰে ছাত্ৰ সন্থাৰ নেতৃত্বই ।

লগতে পঢ়ক: এটা ইঞ্জিনযুক্ত ফেৰী সেৱা বন্ধ কৰাতো চৰকাৰৰ এটা ভাল সিদ্ধান্ত: অখিল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.