টিংখাং, ২৪ মে': সমগ্ৰ ৰাজ্যৰ লগতে ডিব্ৰুগড় জিলাতো ক্ৰমান্বয়ে বৃদ্ধি পাইছে ক'ভিডত আক্ৰান্ত লোকৰ সংখ্যা । টিংখাঙৰ কেইবাখনো গাঁৱত ক'ভিডত আক্ৰান্ত বহু পৰিয়াল বৰ্তমান হোম কোৱাৰেন্টাইনত আছে । এনে জটিল পৰিস্থিতিৰ ফলত গাঁওখনৰ দৈনিক শ্ৰমজিৱী, নিম্ন উপাৰ্জনকাৰী লোকসকলে যথেষ্ট খাদ্য সংকটত পৰিছে ৷ তেনে পৰিয়াল সমূহৰ কাষত থিয় দিছে সদৌ অসম ছাত্ৰ সন্থাৰ টিংখাং আঞ্চলিক সমিতি ।
টিংখাঙৰ ফেটেঙিবৰ, কহাৰগাঁও, ধমন আদি গাঁৱৰ ৰাইজক দৈনন্দিন প্ৰয়োজনীয় খাদ্যসামগ্ৰী যোগান ধৰিছে টিংখাং আঞ্চলিক ছাত্ৰ সন্থাই । প্ৰায় ৩০ টাৰো অধিক পৰিয়ালক খাদ্য সামগ্ৰী বিতৰণ কৰে আছুৱে । লগতে চৰকাৰে কৰ'ণা মহামাৰীক লক্ষ্য কৰি বান্ধি দিয়া নিয়মাৱলীসমূহ পালন কৰিবলৈ অনুৰোধ জনায় সকলোকে ।