ডিব্ৰুগড়, 25 ছেপ্টেম্বৰ: চৰাইদেউ জিলাৰ এখন আগশাৰীৰ মহাবিদ্যালয় নাম হৈছে সোণাৰি কমাৰ্চ কলেজ (Sonari Commerce College) । শনিবাৰে সোণাৰি কমাৰ্চ কলেজৰ ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হৈ যায় (Sonari Commerce College Students Union Election held)। ছাত্ৰ একতা সভাৰ ২০২২-২৩ বৰ্ষৰ সাধাৰণ নিৰ্বাচনত আছুৰ বৃহৎ জয় লাভ । সভাপতি, সাধাৰণ সম্পাদককে ধৰি আটাইকেইটা পদত আছু সমৰ্থিত প্ৰাৰ্থীৰ জয় লাভ ।
সভাপতি পদত মুন্না সিং, উপ-সভাপতি জগন্নাথ তাঁতী, সাধাৰণ সম্পাদক অংকুৰ শইকীয়া, সহকাৰী সাধাৰণ সম্পাদিকা মুনমী কন্দপান, সাংস্কৃতিক সম্পাদিকা প্ৰিয়ম ফুকন, সাহিত্য আৰু আলোচনী সম্পাদক আইক্য মৌন চাইলু, গুৰু ক্ৰীড়া সম্পাদক দেৱজিৎ গগৈ, লঘু ক্ৰীড়া সম্পাদক দ্বীপ জ্যোতি দুৱৰা, সমাজ সেৱা সম্পাদক দিগন্ত তাঁতী, ছাত্ৰ জিৰণি কোঠা সম্পাদক প্ৰকাশ সিং ছাত্রী, জিৰণি কোঠা সম্পাদিকা কল্যাণী চাংমাইয়ে জয় লাভ কৰে (AASU candidate wins in Students Union Election) ।
![AASU candidate wins Students Union Election in Sonari Commerce College](https://etvbharatimages.akamaized.net/etvbharat/prod-images/a-moran-801to802-aasuwoninstudentsunionofsonaricommercecollege-as10031_25092022073252_2509f_1664071372_806.jpg)
সোণাৰি কমাৰ্চ কলেজত পুনৰ আছুৱে নিজৰ জয়ৰ ধাৰা অব্যাহত ৰাখিবলৈ সক্ষম হোৱাৰ পাছতে নিশা জয় লাভ কৰা প্ৰাৰ্থীসকলক সোণাৰি আৰু চৰাইদেউ জিলাৰ আছুৰ নেতৃত্বই সম্বৰ্ধনা জনায় ।
লগতে পঢ়ক: আজি মহালয়া; লোকে লোকাৰণ্য মৰাণৰ ৰাজপথ