ETV Bharat / state

Adibasi Students reaction on govt decision: চাহ শ্ৰমিকৰ মজুৰি ২৭ টকা বৃদ্ধিত ক্ষোভ আছাৰ

author img

By

Published : Aug 11, 2022, 3:21 PM IST

দল-সংগঠনৰ দাবীৰ প্ৰতি সহাৰি জনাই ৰাজ্য় চৰকাৰে বুধবাৰে চাহ শ্ৰমিকৰ দৈনিক মজুৰি ২৭ টকা বৃদ্ধি কৰে । ইয়াৰ পিছতেই চাহ শ্ৰমিকৰ দৈনিক মজুৰি অন্তৱৰ্তীকালীন ভাবে ২৭ টকা বৃদ্ধি কৰি অসমৰ লাখ লাখ আদিবাসী চাহ শ্ৰমিক সকলক আকৌ এবাৰ প্ৰতাৰণা কৰিলে বুলি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই (All Assam Adibasi Students Association) ক্ষোভ প্ৰকাশ কৰিছে ৷

AAASA reaction on govt decission
চাহ শ্ৰমিকৰ মজুৰি ২৭ টকা বৃদ্ধিত ক্ষোভ আছাৰ

মৰাণ, ১১আগষ্ট: ৰাজ্য় চৰকাৰে বুধবাৰে চাহ শ্ৰমিকৰ দৈনিক মজুৰি ২৭ টকা বৃদ্ধি কৰাক লৈ ৰাজ্য়জুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । দীৰ্ঘদিন ধৰি বিভিন্ন দল-সংগঠনে চাহ শ্ৰমিকৰ দৈনিক মজুৰি বৃদ্ধি কৰিবলৈ দাবী জনাই আহিছিল । ৰাজ্য় চৰকাৰে মাজতে মজুৰি বৃদ্ধি কৰিছিল যদিও দল-সংগঠন সন্তুষ্ট হোৱা নাছিল ।

দল-সংগঠনৰ দাবীৰ প্ৰতি সহাৰি জনাই ৰাজ্য় চৰকাৰে বুধবাৰে চাহ শ্ৰমিকৰ দৈনিক মজুৰি ২৭ টকা বৃদ্ধি কৰে । ইয়াৰ পিছতেই চাহ শ্ৰমিকৰ দৈনিক মজুৰি অন্তৱৰ্তীকালীন ভাবে ২৭ টকা বৃদ্ধি কৰি অসমৰ লাখ লাখ আদিবাসী চাহ শ্ৰমিক সকলক আকৌ এবাৰ প্ৰতাৰণা কৰিলে বুলি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই(All Assam Adibasi Students Association)ক্ষোভ প্ৰকাশ কৰিছে ৷ আছাৰ সাধাৰণ সম্পাদক দেবেন ওৰাঙে কয় যে কালি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ মধ্যস্থতাত চাহ মালিকগোষ্ঠীৰ প্ৰতিনিধি আৰু অসম চাহ মজদুৰ সংঘৰ(Assam Tea Mazdoor Sangh)প্ৰতিনিধিৰ উপস্থিতিত এই সিদ্ধান্ত গ্ৰহণ কৰে ৷

তেওঁ পুনৰ কয় যে চৰকাৰে গঠন কৰি দিয়া মজুৰি উপদেষ্টা সমিতিয়ে ২০১৮ বৰ্ষত দৈনিক মজুৰি ৩৫১.৩৩ টকালৈ বৃদ্ধি কৰাৰ প্ৰস্তাৱ আগবঢ়োৱাৰ পিছতো আজিকোপতি সেয়া সম্ভৱ নহ'ল ৷ হয়তো এই মজুৰি পাবলৈ চাহ শ্ৰমিক ৰাইজে পাঁচ বছৰতকৈও অধিক সময় অপেক্ষা কৰিব লাগিব ৷ খাদ্য সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধি সময়ত চাহ শ্ৰমিক সকলে দৈনিক মাত্ৰ ২৩২ টকা মজুৰি লাভ কৰাটো চৰম দুৰ্ভাগ্যজনকে নহয় অতি লজ্জাজনক বুলি আছাৰ সাধাৰণ সম্পাদকগৰাকীয়ে কয় ।

লগতে পঢ়ক:Rehabilitation of flood victims: সাময়িকভাৱে স্থগিত 24 টা ভূমিহীন পৰিয়ালৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.