ETV Bharat / state

বুঢ়ীদিহিংৰ মাজত মাজুলি সদৃশ এখন গাঁও

author img

By

Published : Jun 18, 2021, 1:38 PM IST

Updated : Jun 18, 2021, 8:29 PM IST

বুঢ়ীদিহিংৰ মাজত মাজুলি সদৃশ এখন গাঁও ৷ মৰাণ বিধানসভা সমষ্টিৰ কোটোহা গাঁও পঞ্চায়তৰ অন্তৰ্গত এইখন ৰায় গাঁও তথা ভগামূৰ নেপালী গাঁও ৷ কেৱল নাঁৱৰ ওপৰতে নিৰ্ভৰ কৰি যাতায়ত কৰে গাওঁবাসীয়ে ৷ ১৪ টা পৰিয়ালে বসবাস কৰে এই গাওঁখনত ৷

বুঢ়ীদিহিংৰ মাজত মাজুলি সদৃশ এখন গাঁও
বুঢ়ীদিহিংৰ মাজত মাজুলি সদৃশ এখন গাঁও

মৰাণ, 18 জুন : বুঢ়ীদিহিং নদীৰ মাজত এক সুকীয়া পৰিৱেশৰ মাজত বসবাস কৰিছে এখন গাঁও ৷ কেৱল নাঁৱৰ ওপৰতে নিৰ্ভৰ কৰি যাতায়ত কৰে গঁঞা ৰাইজে ৷ ডিব্ৰুগড় জিলাৰ মৰাণ বিধানসভা সমষ্টিৰ কোটোহা গাঁও পঞ্চায়তৰ অন্তৰ্গত ৰায় গাঁও তথা ভগামূৰ নেপালী গাঁওখন অৱস্থিত । বুঢ়ীদিহিংৰ মাজত মাজুলি সদৃশ এই গাঁওখন ৷ গাঁওখনক বুঢ়ীদিহিং নদীয়ে চাৰিও দিশে আৱৰি ৰাখিছে । এই গাঁৱখনৰ বাসিন্দা সকলৰ যাতায়তৰ একমাত্ৰ মাধ্যম হৈছে নাঁও ।

বাৰিষা, খৰালি সকলো সময়তে নাঁৱেৰে গাঁওবাসীৰ লগতে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলেও যাতায়ত কৰিব লগা হয় । গাঁও খনত চিকিৎসাৰ ক্ষেত্ৰত নাই কোনো ধৰণৰ ব্যৱস্থা ।‌ ৰোগীক নাঁৱৰ জৰিয়তে বুঢ়ীদিহিং নদী পাৰ কৰি চিকিৎসালয়লৈ নিব লাগে । প্ৰায় এহেজাৰো অধিক মাটিকালিৰে আৱৰি থকা এই ৰায় গাঁওখন 1950 চনৰ ভুইকঁপৰ পিছতে প্ৰতিষ্ঠা হোৱা বুলি গাঁৱৰ জ্যেষ্ঠসকলে জানিবলৈ দিয়ে ।

কেৱল নাৱৰ ওপৰতে নিৰ্ভৰ কৰি যাতায়ত কৰা মৰাণৰ এখন গাঁও

গাঁৱৰ ৰাইজে নিবাৰ্চনৰ সময়তো ভোট দিয়ে কিন্তু গাঁও খনলৈ নাহে কোনো জনপ্ৰতিনিধি । বৰ্তমানে ১৪ টা পৰিয়ালে বসবাস কৰে এই গাওঁখনত । জনসংখ্যাৰ হিচাপত গাওঁখনত প্ৰায় ৮০ জনলোক আছে ।

যাতায়তৰ বাবে দলঙৰ ব্যৱস্থা কৰিলে গাঁওখন উন্নয়নৰ যথেষ্ট সম্ভাৱনাৰে পূৰ্ণ বুলি মন্তব্য কৰে গাঁওবাসীয়ে ৷ গাঁওখনৰ অধিকাংশ লোকেই খাটি খোৱা বাবে কিছুসংখ্যকে যাতায়াতৰ ক্ষেত্ৰৰ নাঁৱৰ ব্যৱস্থা কৰিব পাৰে যদিও কিছুসংখ্যক এইক্ষেত্ৰত অসমৰ্থ ৷ যাৰ বাবে শিক্ষাৰ পৰা আদি কৰি স্বাস্থ্যৰ ক্ষেত্ৰলৈ তেওঁলোকে যথেষ্ট সমস্যা ভোগ কৰিবলগীয়া হয় ৷

আনহাতে, প্ৰতিবছৰে বানৰ সময়ত গৰাখহনীয়াই গাঁওখনত তাণ্ডৱ চলায় ৷ গতিকে বিভাগীয় কৰ্তৃপক্ষ তথা মন্ত্ৰীক অতিশীঘ্ৰে গাঁওবাসীক এই দুৰ্দশাৰ পৰা পৰিত্ৰাণ দিয়াৰ উদ্দেশ্যে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছে গাঁওবাসীয়ে ৷

লগতে পঢ়ক :‌ পশ্চিমবংগত অনুচ্ছেদ ৩৫৬ কাৰ্যকৰী কৰাৰ প্ৰয়োজন আছেনে ?

Last Updated : Jun 18, 2021, 8:29 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.