ETV Bharat / state

শ শ বগলীৰ কলৰবেৰে গুঞ্জৰিত হোৱা খোৱাঙৰ এখন গাঁও

author img

By

Published : Jul 1, 2021, 10:35 AM IST

শেহতীয়াকৈ শেহতীয়াকৈ টংলা চহৰৰ 1 নং ৱাৰ্ড পৌৰ নিগমে অতি অমানৱীয় ভাৱে প্ৰায় 300 বগলী নিধন কৰাৰ সময়তে খোৱাঙৰ এই গাঁও খনত দেখিবলৈ পোৱা গৈছে এক বিপৰীত ছবি ৷ দুজন ব্যক্তিৰ প্ৰচেষ্টাত গঢ়ি লৈ উঠিছে এক নিদৰ্শনমূলক পৰিৱেশ ৷

a-village-in-khowang-buzzing-with-the-sounds-of-hundreds-of-agret
শ শ বগলীৰ কলৰবেৰে গুঞ্জৰিত হোৱা খোৱাঙৰ এখন গাঁও

মৰাণ,1 জুলাই: সমগ্ৰ দেশৰ লগতে ৰাজ্যৰ কেইবাখনো জিলাত বৰ্তমানেও অব্যাহত আছে ক'ভিড ভয়াবহতা ৷ ক'ভিড সৃষ্ট এই ভয়াৱহ পৰিৱেশৰ মাজতে টংলাত পৌৰসভাৰ কৰ্মীয়ে প্ৰায় 300 ৰো অধিক বগলী নিধন কৰাৰ দৰে ঘটনাৰ বিপৰীতে খোৱাঙৰ সোণোৱাল বঙালী গাঁৱত দেখিবলৈ পোৱা গৈছে এক ব্যতিক্ৰমী দৃশ্য ৷ বিভিন্ন প্ৰজাতিৰ শ শ বগলীৰ কলৰবে আপ্লুত কৰি তুলিছে ডিব্ৰুগড় জিলাৰ খোৱাং সোণোৱাল বঙালী গাঁৱৰ ৰাইজক । খোৱাং সোণোৱাল বঙালী গাঁৱৰ দুলাল চন্দ হাজৰিকা আৰু দিলীপ হাজৰিকা নামৰ ব্যক্তি দুজনৰ ঘৰৰ চৌহদৰ বাঁহনিত দেখিবলৈ পোৱা গৈছে বিশ্বৰ পৰা ক্ৰমাৎ লুপ্তপ্ৰায় বিভিন্ন প্ৰজাতিৰ বগলী ৷

তথ্য অনুসৰি, বছৰত ছমাহৰ বাবে খোৱাঙৰ উক্ত বাৰীৰ বাঁহনীতে আশ্ৰয় লোৱা বগলীবোৰে তাতে পোৱালী জন্ম দি ক্ৰমাৎ বংশ বৃদ্ধি কৰিছে ৷ বগলীৰ বাসস্থান হৈ পৰা বাৰী খনৰ গৰাকীয়ে জানিবলৈ দিয়া মতে, বহু বছৰৰ পৰা প্ৰতি বছৰে ছমাহৰ বাবে শ শ বগলী আহে উক্ত বাৰীখনলৈ ৷ কিছু লোকে বগলী চিকাৰ কৰিবলৈ চেষ্টা কৰে যদিও তেঁও বাধা দি বগলী বোৰক সুৰক্ষা দিয়াৰ বাবেই এই দৰে প্ৰতি বছৰে বগলী খিনি আহি আছে বুলি উল্লেখ কৰে বাৰী খনৰ গৰাকীয়ে ৷

যি সময়ত পৃথিৱীৰ পৰা বিলুপ্ত হৈ পৰা বিভিন্ন প্ৰজাতিৰ বগলীক ৰাজ্যৰ বিভিন্ন প্ৰান্তত নিধন কৰা হৈছে তেনে সময়ত খোৱাঙৰ এই বিশেষ বাৰী খনত এই দৰে বিভিন্ন প্ৰজাতিৰ বগলি একেলগে বাস কৰাটোৱে এক সুকীয়া পৰিবেশ সৃষ্টি কৰিছে ৷ কিন্তু অতি পৰিতাপৰ বিষয় যে,এনেবোৰ দৃশ্যৰ বিপৰীতে শেহতীয়াকৈ টংলা চহৰৰ 1 নং ৱাৰ্ডৰ এজন ব্যক্তিৰ বাসগৃহৰ চৌহদত থকা এজোপা বাঁহ গছ আশ্ৰয়লৈ থকা প্ৰায় তিনি শতাধিক বগলীক অতি অমানৱীয় ভাৱে হত্যা কৰিছিল জিলা প্ৰশাসনে ৷

একাংশ চৰকাৰী বিষয়া-কৰ্মচাৰীৰ কাণ্ড জ্ঞানহীন সিদ্ধান্তৰ বাবেই টংলাত পৰিকল্পিত ভাৱে হত্যা কৰা হৈছিল বিভিন্ন প্ৰজাতিৰ এজাক বগলী ৷ যি সময়ত দুষ্প্ৰাপ্য বগলী সমূহক সংৰক্ষণৰ বাবে চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে তেনে সময়তে কোনো কাৰণ নোহোৱাকৈ পৌৰ সভাৰ এনে কাৰ্যই চকু কপালত তুলিছে একাংশ প্ৰকৃতি প্ৰেমীৰ ৷

লগতে পঢ়কঃপুনৰ অসমবাসী লৈ কাৰাৰুদ্ধ অখিল গগৈৰ চিঠি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.