মৰাণ, 30 নৱেম্বৰ: এজন যুৱকৰ যাদুকৰী কন্ঠই মুগ্ধ কৰিব আপোনাক ৷ তেওঁৰ বাঁহীৰ সুৰত আপোন পাহৰা হ'ব আপুনি ৷ কোনো অনুষ্ঠানিক শিক্ষা গ্ৰহণ নকৰাকৈ মোবাইলত গান শুনি উজ্বলি উঠিছে ডিব্ৰুগড়ৰ এজন যুৱকে ৷ নাম তেওঁৰ ঋটম বৰা ৷ অসমীয়া লোক সংস্কৃতিৰ বহু কেইবিধ বাদ্য যন্ত্ৰই পৰিবেশন কৰিব পাৰে ঋটমে ৷ ডিব্ৰুগড়ৰ লক্ষ্মী নগৰৰ নিবাসী ঋটমে নিজৰ একক প্ৰচেষ্টাৰে কোনো শিক্ষা গ্ৰহণ নকৰাকৈয়ে গাই যাব পাৰে সকলো গীত ৷
উল্লেখ্য যে, ডিব্ৰুগড়ৰ চিট মহাবিদ্যালয়ৰ উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ ছাত্ৰ ঋটম বৰাই অনুষ্ঠানিক শিক্ষা গ্ৰহণ নকৰাকৈ সুন্দৰ গীত পৰিবেশন কৰাৰ লগতে খোল, তাল, মাদল, নেগেৰা, দতৰা, বাঁহী, পেঁপা, ঢোল, গীতাৰ আদি পৰিবেশন কৰি সামাজিক মাধ্যমত ইতিমধ্যে চৰ্চা লাভ কৰিছে ৷ ঋটমৰ যাদুকৰী কন্ঠই, বাঁহীৰ সুৰে মুগ্ধ কৰিছে বহুজনক ৷ অতি দৰিদ্ৰ পৰিয়ালৰ ল'ৰা ঋটমৰ এনে প্ৰতিভাৰ শলাগ লৈছে বহুজনে ৷