ETV Bharat / state

বনৰীয়া ঘোঁৰাৰ আক্ৰমণত ছাত্ৰী আহত

মৰাণৰ সমীপত বুধবাৰে বনৰীয়া ঘোঁৰাৰ আক্ৰমণত আহত হৈছে এগৰাকী ছাত্ৰী ৷ নিতাইপুখুৰীৰ শ্ৰীমন্ত শংকৰদেৱ বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্ৰীগৰাকীয়ে পুৱা টিউচন কৰিবলৈ আহি সন্মুখীন হয় উক্ত পৰিস্থিতিৰ ৷

A student was injured in the attack of the wild horse moran dibrugarh assam etv bharat news
ঘোঁৰাৰ আক্ৰমণত ছাত্ৰী আহত
author img

By

Published : Aug 12, 2020, 11:14 AM IST

মৰাণ,12 আগষ্ট: ডিব্ৰুগড়ৰ মৰাণ বিধানসভা সমষ্টিৰ সমীপৰ নিতাইপুখুৰীত বুধবাৰে এটি বনৰীয়া ঘোঁৰাৰ আক্ৰমণত আহত হৈছে নিতুমণি বৰুৱা নামৰ এগৰাকী ছাত্ৰী ৷ নিতাইপুখুৰীৰ শ্ৰীমন্ত শংকৰদেৱ বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্ৰীগৰাকীয়ে পুৱা টিউচন কৰিবলৈ আহি সন্মুখীন হয় উক্ত পৰিস্থিতিৰ ৷ আহত ছাত্ৰীগৰাকীক স্থানীয় ৰাইজে ততাতৈয়াকৈ চিকিৎসাৰ বাবে ডিমৌ আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰোৱায় ৷ ছাত্ৰীগৰাকীক আক্ৰমণ কৰা ঘোঁৰাটোৱে দীৰ্ঘদিনৰ পৰা অঞ্চলটোৰ পথাৰৰ ধান খোৱাৰ উপৰিও চলাই আহিছে সন্ত্ৰাস ৷

বনৰীয়া ঘোঁৰাৰ আক্ৰমণত ছাত্ৰী আহত

আনহাতে,নিতাইপুখুৰী ৰাজ্যিক পশু চিকিৎসালয়ৰ কাষতে থকা পৰিত্যক্ত ঘৰত ঘোঁৰাটোৱে সম্প্ৰতি আশ্ৰয় গ্ৰহম কৰি আছে ৷ ইতিমধ্যে স্থানীয় পশু চিকিৎসা বিভাগে চিকিৎসালয়খনৰ চৌদিশে বাঁহেৰে বেৰিকেড গঢ়ি তুলি ঘোঁৰাটো বাহিৰলৈ যাব নোৱাৰা পৰিৱেশ গঢ়ি তুলিছে ৷ এই ঘটনাৰ পিছতে ঘটনাস্থলীত ডিমৌৰ ৰাজহ চক্ৰ বিষয়া ইণ্ডিকা গগৈ,শিৱসাগৰ জিলা পশু চিকিৎসা বিষয়া অক্ষয় ভট্ট কেশৰী,ডিমৌ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মনোৰঞ্জন গগৈ,নিতাইপুখুৰী আৰক্ষী চকীৰ উপ-পৰিদৰ্শক ব্ৰজেন বুঢ়াগোঁহাই,ডিমৌ খণ্ড বন বিষয়া মনেশ্বৰ দুৱৰাকে ধৰি বহু কেইগৰাকী ব্যক্তি উপস্থিত হৈ পৰিস্থিতি নিৰীক্ষণ কৰে ৷

লগতে চাওকঃ 101 সংখ্যক জন্ম বাৰ্ষিকীত বিক্ৰম ছাৰাভাইৰ বিষয়ে জানো আহক...

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.