ETV Bharat / state

ধন দাবী কৰি বিতৰ্কত জাতীয় সংগঠন

author img

By

Published : Jul 29, 2019, 3:02 PM IST

চোৰাং গৰু নিয়া ট্ৰাকৰ পৰা ধন দাবী কৰি বিতৰ্কত লাচিত সেনা

ধন দাবী কৰি বিতৰ্কত জাতীয় সংগঠন

ডিব্ৰুগড়, 29 জুলাইঃ চোৰাং গৰু কঢ়িওৱা গাড়ীৰ পৰা ধন দাবী কৰি পুনৰ বিতৰ্কত সোমাল জাতীয় সংগঠন ৷ প্ৰাপ্ত তথ্য মতে, AS01JC 0265নম্বৰৰ ট্ৰাকখনে বগীবিল দলঙৰ উত্তৰ পাৰৰ পৰা 33 টা গৰু লৈ আহি থকা অৱস্থাত 52 নং ৰাষ্ট্ৰীয় ঘাইপথৰ ডিব্ৰুগড়ৰ বৰবৰুৱাত কেইবাজনো যুৱকে ট্ৰাকখন ৰখাই 1 লাখ টকাৰ দাবী কৰে ৷ ট্ৰাকৰ চালক আৰু অন্যান্য সকলে টকা দিবলৈ অমান্তি হোৱাত যুৱক কেইজনে তেওঁলোকক মাৰপিট কৰে ৷ পৰিস্থিতি উত্তপ্ত হোৱাত ঘটনাস্থলীত আৰক্ষী উপস্থিত হয় আৰু ক্ৰমে লুফু দত্ত, বিজয় কোঁৱৰ, অনুপ কোঁৱাৰ, বিজয় গগৈ,জয়ন্ত আৰান্ধৰা,জিন্টু গগৈ, গৌতম চেতিয়া আৰু ভৰত ফুকন নামৰ মুঠ আঠ জনক গ্ৰেপ্তাৰ কৰে ৷ উল্লেখযোগ্য যে, যুৱক কেইজনৰ দুজনে লাচিত সেনা নামৰ সংগঠনটোৰ সদস্য বুলি জানিবলৈ দিছে ৷ লক্ষণীয় যে, এই ঘটনাই পুনৰ উজনিত গৰুৰ চোৰাং বেহা অব্যাহত থকাৰ কথা পোহৰলৈ আনে ৷ আৰক্ষীয়ে বৰ্তমান এই বিষয়ত তদন্ত অব্যাহত ৰাখিছে । উল্লেখ্য যে, জাতীয় সংগঠনৰ এনে কাৰ্যই এতিয়া সচেতন ৰাইজক উদ্বিগ্ন কৰি তুলিছে ৷

Intro:পুনৰ বিতৰ্কত জাতীয় সংগঠন।চোৰাং গৰু কঢ়িওৱা গাড়ীৰ পৰা ধন দাবি কৰি ডিব্ৰুগড়তে আৰক্ষীৰ জালত লাচিত সেনাৰ সদস্য।Body:*পুনৰ বিতৰ্কত আন এক জাতীয় সংগঠন।এইবাৰ গৰু কঢ়িয়াই নিয়া গাড়ীৰ পৰা ধন দাবী কৰি আৰক্ষীৰ জালত জাতীয় সংগঠনৰ সদস্য।লগতে দাবী কৰা ধন নিদিয়াক লৈ গাড়ী চালক সহ আন কেইবাজনকো মাৰ ধৰ কৰাৰ অভিযোগ জাতীয় সংগঠনটোৰ সদস্য কেইজনৰ বিৰুদ্ধে।নিজকে লাচিত সেনা নামৰ সংগঠনটোৰ সদস্য বুলি জানিবলৈ দিছে।

*ইফালে এই ঘটনাই পুনৰ উজনিত গৰুৰ চোৰাং বেহা অব্যাহত থকাৰ কথা পোহৰলৈ আনে।নিশা এই ঘটনাক লৈ ডিব্ৰুগড়ৰ বৰবৰুৱাত উতপ্ত পৰিস্থিতি।বগীবিল দলঙৰে উত্তৰ পাৰৰ পৰা অহা এক ট্ৰাক গৰুক লৈ উতপ্ত পৰিস্থিতি।আহত কেইবাজনো।আঠজনক আটক।জব্দ ৩৩টা গৰুসহ AS01JC 0265নম্বৰৰ ট্ৰাক।আৰক্ষীয়ে নিশাই আটক কৰে লাচিত সেনাৰ ক্ৰমে লুফু দত্ত, বিজয় কোঁৱৰ, অনুপ কোঁৱাৰৰ লগতে বিজয় গগৈ,জয়ন্ত আৰান্ধৰা,জিন্টু গগৈ, গৌতম চেতিয়া আৰু ভৰত ফুকন নামৰ মুঠ আঠ জনক গ্ৰেপ্তাৰ।উক্ত যুৱক কেইজনে অবৈধ ভাবে কঢ়িয়াই অনা গৰু ভৰ্তি গাড়ীখন ৫২নং বি ৰাষ্ট্ৰীয় ঘাইপথত মাজনিশা ৰখাই দাবী কৰিছিল এক লাখ টকা।টকা নোপোৱাৰ বাবে ট্ৰাকৰ চালক আৰু অন্যান্য সকলক মাৰপিট কৰিছিল।অৱশেষত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰি আঠজনক গ্ৰেপ্তাৰ কৰে।আৰক্ষীয়ে বৰ্তমান তদন্ত অব্যাহত ৰাখিছে।*

ডিব্ৰুগড়ৰ পৰা জেচিম আহমেদConclusion:ঐ
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.