ETV Bharat / state

ডিব্ৰুগড় বিমানবন্দৰত ভাৰতীয় বিমান প্ৰাধিকৰণৰ মক ড্ৰিল - ইণ্ডিগ' এয়াৰলাইনছ

দুৰ্যোগৰ সময়ত জৰুৰীকালীন পৰিস্থিতিৰে মোকাবিলা কৰিবলৈ ডিব্ৰুগড় বিমানবন্দৰত ভাৰতীয় বিমান প্ৰাধিকৰণৰ মক ড্ৰিল । দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ, ইণ্ডিগ’ এয়াৰলাইনছ, অগ্নি নিৰ্বাপক বাহিনী, চিআইএছএফ, এয়াৰ ফ’ৰ্চ, এছডিআৰএফ, আৰক্ষী আৰু স্বাস্থ্য বিভাগৰ জৰুৰীকালীন সেৱাত জড়িত বিষয়াই এই প্ৰশিক্ষণত অংশগ্ৰহণ কৰে ।

দুৰ্যোগৰ সময়ত মোকাবিলা কৰিবলৈ ডিব্ৰুগড়ত ভাৰতীয় বিমান প্ৰাধিকৰণৰ মক ড্ৰিল

author img

By

Published : Nov 22, 2020, 5:36 PM IST

মৰাণ,২২ নৱেম্বৰ: ভাৰতীয় বিমান প্ৰাধিকৰণৰ উদ্যাগত শনিবাৰে ডিব্ৰুগড় বিমানবন্দৰত মক ড্ৰিল কাৰ্যসূচীৰ আয়োজন কৰা হয় । তৎকালীনভাৱে সংঘটিত দুৰ্যোগৰ সৈতে মোকাবিলা কৰিবলৈ কেইবাটাও বিভাগৰ বিষয়া-কৰ্মচাৰীক এই কাৰ্যসূচীৰ জৰিয়তে প্ৰশিক্ষণ দিয়া হৈছে । যিকোনো সময়ত সৃষ্টি হোৱা জৰুৰীকালীন পৰিস্থিতি কৌশলেৰে নিয়ন্ত্ৰণলৈ আনিব পৰাকৈ সকলোকে সাজু কৰি ৰখাৰ উদ্দেশ্যৰে এই মক ড্ৰিলৰ আয়োজন কৰা হয় ।

দুৰ্যোগৰ সময়ত মোকাবিলা কৰিবলৈ ডিব্ৰুগড়ত ভাৰতীয় বিমান প্ৰাধিকৰণৰ মক ড্ৰিল
দুৰ্যোগৰ সময়ত মোকাবিলা কৰিবলৈ ডিব্ৰুগড়ত ভাৰতীয় বিমান প্ৰাধিকৰণৰ মক ড্ৰিল

ডিব্ৰুগড় বিমানবন্দৰ চৌহদত অনুষ্ঠিত এই মক ড্ৰিলত অংশগ্ৰহণ কৰে জিলাখনৰ দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ, ইণ্ডিগ' এয়াৰলাইনছ, অগ্নি নিৰ্বাপক বাহিনী, চিআইএছএফ, এয়াৰ ফ'ৰ্চ, এছডিআৰএফ, আৰক্ষী, স্বাস্থ্য বিভাগৰ জৰুৰীকালীন সেৱাৰ সৈতে জড়িত বিষয়া-কৰ্মচাৰীসকলে ৷

উল্লেখ্য যে, কেইদিনমান পূৰ্বে ডিব্ৰুগড়ত এক অনুষ্ঠানত অংশ ল'বলৈ আহোতে প্ৰতিকূল বতৰৰ বাবে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে যাত্ৰা কৰা বিমানখনৰ ডিব্ৰুগড় বিমানবন্দৰত বিজুতি ঘটিছিল । মুখ্যমন্ত্ৰীগৰাকী প্ৰায় 35 মিনিট ধৰি আকাশমাৰ্গত বিমানৰ ভিতৰতে আৱদ্ধ হৈ থাকিবলগীয়া হৈছিল । ইয়াৰ পাছতে ভাৰতীয় বিমান প্ৰাধিকৰণে ডিব্ৰুগড় বিমানবন্দৰত আৰম্ভ কৰিছে এই মক ড্ৰিল ৷

ভৱিষ্যতে জৰুৰীকালীন পৰিস্থিতিৰে যুঁজ দিয়াৰ সময়ত এই প্ৰশিক্ষণ সকলোৰে বাবে সহায়ক হ’ব বুলি আশাবাদী ভাৰতীয় বিমান প্ৰাধিকৰণ ।

লগতে পঢ়ক: লামডিঙ-নগাওঁ সংযোগী ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনাত নিহত এজন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.