মৰাণ, ১৭ জুন: চাবুৱা(Chabua)ৰ ডিকম আৰক্ষী চকীৰ অন্তৰ্গত নাদুৱাত সংঘটিত হ'ল এক জঘন্য ঘটনা । এগৰাকী বিশেষভাৱে সক্ষম যুৱতীক ধৰ্ষণ(RAPE)ৰ অপচেষ্টা চলালে এজন লোকে । নাদুৱা গ্ৰান্ট গাঁৱত সংঘটিত হয় এই ঘটনা । পৰিয়ালৰ লোকে জনোৱা মতে, যুৱতীগৰাকীৰ পিতৃ কৰ্মসূত্ৰে আন ঠাইত থাকে ।
বুধবাৰে যুৱতীগৰাকীৰ মাতৃও পিতৃৰ ওচৰলৈ গৈছিল । যুৱতীগৰাকীয়ে ভগ্নী আৰু আইতাকৰ সৈতে ঘৰত আছিল । নিশা প্ৰায় ১২ বজাত আইতাকে এবাৰ বাহিৰলৈ যোৱাৰ সময়তে প্ৰাঞ্জল শইকীয়া নামৰ ৪২ বছৰীয়া লোকজনে যুৱতীগৰাকীৰ ঘৰত প্ৰৱেশ কৰে আৰু যুৱতীগৰাকীক অসৎ উদ্দেশ্য পূৰণ কৰাৰ চেষ্টা কৰে ।
সেই সময়তে আইতাকে যুৱতীগৰাকীৰ বিচনাত লম্পট প্ৰাঞ্জল শইকীয়াক দেখি চিঞৰ-বাখৰ কৰে । লগে লগে ওচৰ-চুবুৰীয়া একত্ৰিত হয় আৰু প্ৰাঞ্জল শইকীয়াক কৰায়ত্ত কৰে ডিকম আৰক্ষীক গটাই দিয়ে ৷ সম্প্ৰতি আৰক্ষীৰ জিম্মাত আছে লম্পটটো ।
গাঁৱৰ ৰাইজে এই ঘটনা ফাষ্ট ট্ৰেক(Fast track) আদালতত বিচাৰ কৰিবলৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা(Dr. Himanta Biswa Sarma)ক আহ্বান জনাইছে । উল্লেখ্য যে, চাবুৱাত ক্ৰমান্বয়ে অপৰাধজনিত ঘটনাৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে । সেয়ে, সামাজিক পৰিৱেশ বিনষ্ট হৈ পৰিছে ৷
লগতে পঢ়ক:কোকৰাঝাৰৰ ধৰ্ষণ-হত্যাকাণ্ডৰ এজন অভিযুক্ত গুলীবিদ্ধ