টিংখাং,11 মে’: ৰাজ্যত কৰ'ণা মহামাৰীয়ে ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিছে । ডিব্ৰুগড় জিলাতো কৰ'ণা মহামাৰীয়ে প্ৰতিদিনে প্ৰাণ লৈছে এজনৰ পিছত আনজন লোকৰ । শেহতীয়াভাৱে ক'ভিড ১৯ ত আক্ৰান্ত হৈ টিংখাঙৰ কমাৰচুক গাঁৱৰ এজন লোকৰ মৃত্যু হৈছে । মৃত লোকজন বিদ্যুৎ বকলিয়াল বুলি জানিব পৰা গৈছে ।
ক'ভিডত আক্ৰান্ত হৈ ডিব্ৰুগড় এখন নাৰ্চিংহোমত চিকিৎসাধীন হৈ আছিল লোকজন । বিদ্যুৎ বকলিয়াল কছাৰী উন্নয়ন সমিতিৰ সাধাৰণ সম্পাদক তথা সৰবৰহী যুৱ সমাজ কৰ্মী আছিল । বিদ্যুৎ বকলিয়ালৰ মৃত্যুত এতিয়া শোকৰ ছাঁ পৰিছে টিংখাং অঞ্চলত ।
লগতে পঢ়ক: শপত গ্ৰহণৰ বাবে অনুমতি লাভ অখিল গগৈৰ