ETV Bharat / state

লক ডাউনৰ নৱম দিনঃ দৰিদ্ৰ জনতাৰ কাষত বিভিন্নজন - আৰ্তজনৰ কাষত টিংখাঙৰ এজন হৃদয়বান ব্যৱসায়ী পবিত্ৰ শইকীয়া

আৰ্তজনৰ কাষত টিংখাঙৰ প্ৰাক্তন মন্ত্ৰী এটোৱা মুণ্ডা

author img

By

Published : Apr 2, 2020, 11:03 AM IST

Updated : Apr 2, 2020, 12:28 PM IST

12:09 April 02

গোলাঘাটত মাস্ক তৈয়াৰ এজন যুৱকৰ

গোলাঘাট

গোলাঘাট,2 এপ্ৰিলঃ  কৰ'ণা ভাইৰাছৰ আতংকত সকলো স্থান নিমাওমাও পৰিৱেশ। লকডাউনৰ সময়ছোৱাত বিভিন্নজনে ঘৰৰ ভিতৰত বহি পৰিয়ালৰ লগত দিন পাৰ কৰিছে । কিন্তু গোলাঘাটৰ খুমটাই চাহ বাগিচাৰ জাকিৰ আলি নামৰ যুৱকজনে লৈছে ব্যতিক্ৰমী পদক্ষেপ। কৰ'ণা ভাইৰাছৰ পৰা পৰিত্ৰাণ পাবলৈ যুৱকজনে প্ৰস্তুত কৰি উলিয়াইছে মাক্স। নিজেই কাপোৰ কিনি ঘৰত পত্নী আৰু আন কেইবাজনৰ লগত মিলি প্ৰস্তুত কৰিছে মাক্স। খুমটাই ৰেল ষ্টেচনৰ সমীপত বিভিন্নজনক বিনামূলীয়া কৈ জাকিৰ আৰু তেওঁৰ সতীৰ্থই প্ৰদান কৰিছে মাক্স। জাকিৰৰ এই প্ৰচেষ্টাত সহায়ৰ হাত আগবঢ়াইছে পত্নী ৰাহেনা বেগম আৰু আইচা বেগম, জুনমাই তাঁতী বেগমে। জাকিৰৰ এনে কাৰ্যক শলাগ লৈছে স্থানীয় ৰাইজে।

12:07 April 02

বাক্সাত আৰক্ষীৰ মহানুভৱতা..

বাক্সা

বাক্সা, 2 মাৰ্চঃ  লক ডাউনৰ সময়ছোৱাত অসম আৰক্ষীৰ এজন আৰক্ষী বিষয়াৰ প্ৰশংসনীয় পদক্ষেপ ৷ দৰিদ্ৰজনক সহায়ৰ হাত আগবঢ়াবলৈ আগবাঢ়ি আহিছে আৰক্ষী বিষয়াগৰাকীয়ে ৷ শুৱাগপুৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাজেন বড়োৱে লক ডাউনৰ সময়ছোৱাত দিন হাজিৰা কৰি খাটি খোৱা লোকসকলৰ মাজত উপস্থিত হৈ চাউল,দাইল, আলু, মিঠাতেল, নিমখ, বিস্কুট, চাবোন পেকেট আদি খাদ্য সামগ্ৰী লগতে নিত্য ব্যৱহাৰ্য্য সামগ্ৰী বিতৰণ কৰে ৷ আৰক্ষী বিষয়া ৰাজেন বড়োৰ এনে পদক্ষেপক সলাগ লৈছে বহুজনে ৷ 

11:34 April 02

দৈন্যসকলৰ কাষত চিৰাঙৰ সহৃদয়বান একাংশ লোক...

মুখ্যমন্ত্ৰীৰ সাহাৰ্য পুঁজিত 1 লাখ টকাৰ চেক প্ৰদান

চিৰাং, 2 এপ্ৰিল:  চিৰাং জিলাৰ হাস্ৰাউবাৰী আৰু বাসুগাঁৱত পৃথকে পৃথকে লক ডাউনৰ সময়ত দৰিদ্ৰ লোকৰ মাজত সাহাৰ্য‍ সামগ্ৰী বিতৰণ কৰে সমাজসেৱী সকলে । জিলাখনৰ হাস্ৰাউবাৰীত কেইজনমান উদীয়মান যুৱক লগ হৈ স্থানীয় 6/7 খন গাঁৱৰ দৰিদ্ৰ লোকৰ মাজত খাদ্য সামগ্ৰীৰ লগতে বহু সামগ্ৰী বিতৰন কৰে  ৷ একেদৰে জিলাখনৰ বাসুগাঁৱৰ ঠিকাদাৰ নিখিল মণ্ডলে বাসুগাঁৱৰ দৰিদ্ৰ লোকসকলৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰাৰ লগতে জিলা উপায়ুক্তৰ জড়িয়তে মুখ্যমন্ত্ৰীৰ সাহাৰ্য পুঁজিত 1 লাখ টকাৰ চেক প্ৰদান কৰে ।

09:44 April 02

আৰ্তজনৰ কাষত টিংখাঙৰ প্ৰাক্তন মন্ত্ৰী এটোৱা মুণ্ডাৰ লগতে ব্যৱসায়ী পবিত্ৰ শইকীয়া

টিংখাঙৰ প্ৰাক্তন মন্ত্ৰী এটোৱা মুণ্ডাৰ লগতে ব্যৱসায়ী পবিত্ৰ শইকীয়া

টিংখাং, 2 এপ্ৰিলঃ লকডাউনৰ সময়ছোৱাত আৰ্তজনক সহায় কৰিবলৈ বিভিন্নজন উলাই অহাৰ সমান্তৰালকৈ বুধবাৰে আৰ্তজনৰ কাষত থিয় দিয়ে প্ৰাক্তন মন্ত্ৰী এটোৱা মুণ্ডা ৷ বাগিচা অঞ্চলত ঘৰত আবদ্ধ হৈ থকা শ্ৰমিক পৰিয়াল সমূহৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰে প্ৰাক্তন মন্ত্ৰী তথা টিংখাঙৰ প্ৰাক্তন বিধায়ক এটোৱা মুণ্ডাই । প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে সামাজিক দূৰত্ব বজাই ৰাখি এই কাৰ্যসূচী গ্ৰহণ কৰে । লগতে শ্ৰমিক সকলক সজাগ সচেতন হৈ থাকিবলৈ আহ্বান জনায় প্ৰাক্তন বিধায়ক এটোৱা মুণ্ডাই।

আনহাতে, টিংখাঙস্থিত ৰাজগড়ৰ বিশিষ্ট ব্যৱসায়ী তথা টিংখাঙৰ বামুণবাৰীস্থিত ভাৰত পেট্ৰ'লিয়াম তেল ডিপোৰ স্বত্বাধিকাৰী পৱিত্ৰ শইকীয়াই টিংখাঙৰ বিভিন্ন স্থানৰ প্ৰায় দুই শতাধিক দুখীয়া পৰিয়ালৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰি নিজৰ মহানুভৱতাৰ পৰিচয় দাঙি ধৰিছে । আলু, দাইল , তেল, চাউলকে আদি কৰি বিভিন্ন ধৰণৰ খাদ্য সামগ্ৰীৰ টোপোলা কৰি শাৰী শাৰীকৈ থিয় কৰাই লোক সকলৰ মাজত বিতৰণ কৰে ব্যৱসায়ীজনে ৷ 

Last Updated : Apr 2, 2020, 12:28 PM IST

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.