মৰাণ,12 আগষ্ট : সমাগত স্বাধীনতা দিৱস ৷ স্বাধীনতা দিৱসৰ প্ৰাক্ ক্ষণত এতিয়া সষ্টম হৈছে ৰাজ্যৰ আৰক্ষী-প্ৰশাসন ৷ বাদ পৰি যোৱা নাই ডিব্ৰুগড় জিলাৰ চাচনীৰ আমগুৰি মহিলা গাঁওৰক্ষী বাহিনী ৷ গাঁওখনৰ এটা 20 জনীয়া মহিলাৰ দলে পুৰুষৰ সমান্তৰালকৈ পহৰা দিছে নিজৰ গাঁওখনত ৷ আনকি গাঁওখনলৈ প্ৰৱেশ কৰা প্ৰতিখন চাৰিচকীয়া আৰু দুচকীয়া বাহন নিজেই তন্ন তন্নকৈ তালাচী কৰাৰ লগতে প্ৰতিজন লোকৰ পৰিচয় লিখি গৈছে মহিলাৰ দলটোৱে ৷
উল্লেখ্য যে, আমগুৰি গাঁওখনত শেহতীয়াকৈ ড্ৰাগছ আৰু গাঞ্জাৰ দৰে নিচাজাতীয় দ্ৰব্যৰ বেহাই গা কৰি উঠিছে ৷ যাৰ বাবে নিচাযুক্ত দ্ৰব্য সেৱন আৰু সৰবৰাহ কৰা লোক সকলৰ ওপৰতো তীক্ষ্ণ দৃষ্টি ৰাখিছে মহিলা সকলে ৷ মহিলা সকলৰ এই বিশেষ পদক্ষেপৰ বাবে গাঁওখনত পূৰ্বৰ তূলনাত নিচাজাতীয় সামগ্ৰীৰ প্ৰয়োভৰ পূৰ্বৰ তুলনাত যথেষ্ট কম হোৱা বুলি জানিব পৰা গৈছে ৷ মহিলা সকলৰ হুংকাৰ,গাঁও খনত কোনো কাৰণতে সমাজবিৰোধী কামত জড়িত লোকক প্ৰশ্ৰয় দিয়া নহ'ব ৷
ইফালে, আমগুৰি মহিলা গাঁওৰক্ষী বাহিনীৰ মহিলা দলটোৱে যেনেকৈ নিজৰ গাঁও আৰু সমাজখন সুৰক্ষিত কৰিবলৈ নিশা দহোবন কাটি কৰি হ'লেও ওলাই আহিছে তেনেকৈ অন্য প্ৰান্তৰ মহিলা সকলকো ওলাই আহি নিজৰ গাঁওখন সুৰক্ষিত কৰিবলৈ আহ্বান জনাই মহিলা গাঁওৰক্ষী দলটোৱে ৷
লগতে পঢ়কঃ বিশ্ব হস্তী দিৱসত হাতীৰ বাবে 400 বিঘা মাটিত ৰোপন কৰা হ’ল ধান