ETV Bharat / state

সাংবাদিকৰ সুৰক্ষাৰ দাবীত চাইকেলেৰে যাত্ৰা সাংবাদিক স্নেহাংকৰ চক্রৱর্তীৰ - DIBRUGARH

সাংবাদিকৰ সুৰক্ষা নিশ্চিত কৰাৰ দাবীত এইবাৰ চাইকেল যাত্রা সাংবাদিকৰ। বিশ্বনাথৰ পৰা শদিয়ালৈ সাংবাদিক স্নেহাংকৰ চক্রৱর্তীৰ প্ৰতিবাদী চাইকেল যাত্ৰা। সাংবাদিক নিগ্ৰহৰ বিৰুদ্ধে অভিনৱ প্ৰতিবাদ বিশ্বনাথৰ সাংবাদিকগৰাকীৰ। নিৰপত্তাহীনতাত ভোগা সাংবাদিকৰ সুৰক্ষাৰ দাবীত ১৭ নৱেম্বৰৰ পুৱা ৬ বজাত বিশ্বনাথৰ পৰা চাইকেলেৰে যাত্ৰা আৰম্ভ কৰিছিল স্নেহাংকৰ চক্রৱর্তীয়ে।

সাংবাদিকৰ সুৰক্ষাৰ দাবীত বিশ্বনাথৰ পৰা শদিয়ালৈ চাইকেলেৰে যাত্ৰা সাংবাদিক স্নেহাংকৰ চক্রৱর্তীৰ

author img

By

Published : Nov 20, 2020, 6:10 PM IST

নেশ্যনেল ডেস্ক, ২০ নৱেম্বৰ: ৰাজ্যত সঘনাই সাংবাদিকসকল একাংশ উদণ্ড লোকৰ আক্ৰমণৰ বলি হৈ অহাৰ পিছতো সুৰক্ষাৰ বাবে চৰকাৰে কোনো ব্যৱস্থা নকৰাত এতিয়া ক্ষোভিত হৈ পৰিছে সাংবাদিকসকল। শেহতীয়াকৈ সাংবাদিক পৰাগ ভূঞাৰ ৰহস্যজনক দুৰ্ঘটনা আৰু মিলন মহন্তৰ ওপৰত চলোৱা আক্ৰমণৰ পিছতে প্ৰাণৰ সংশয়ত ভূগিছে বহু সাংবাদিকে। ৰাজ্যৰ সাংবাদিকসকলৰ সুৰক্ষাৰ দাবীত বিশ্বনাথৰ পৰা চাইকেল চলাই শদিয়ালৈ যাত্ৰা কৰি অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰিছে বিশ্বনাথৰ স্নেহাংকৰ চক্রৱর্তীয়ে। সাংবাদিক স্নেহাংকৰে যােৱা ১৭ নৱেম্বৰৰ পুৱা ৬ বজাত এই যাত্রা আৰম্ভ কৰিছিল।

সাংবাদিকৰ সুৰক্ষাৰ দাবীত বিশ্বনাথৰ পৰা শদিয়ালৈ চাইকেলেৰে যাত্ৰা সাংবাদিক স্নেহাংকৰ চক্রৱর্তীৰ
সাংবাদিকৰ সুৰক্ষাৰ দাবীত বিশ্বনাথৰ পৰা শদিয়ালৈ চাইকেলেৰে যাত্ৰা সাংবাদিক স্নেহাংকৰ চক্রৱর্তীৰ

বৃহস্পতিবাৰে সন্ধিয়া ৬ বজাত ডিব্ৰুগড়ত উপস্থিত হয়। সাংবাদিকগৰাকীয়ে শুক্ৰবাৰে পুৱাই পুনৰ শদিয়া অভিমুখে যাত্রা কৰে। অহা ২১ নৱেম্বৰত শদিয়াৰ চপাখােৱাত উপস্থিত হােৱাৰ লক্ষ্য স্থিৰ কৰা বুলি সদৰি কৰিছে সাংবাদিক স্নেহাংকৰে। বিশ্বনাথৰ পৰা শদিয়ালৈ চাইকেলেৰে অহা-যােৱা কৰোতে প্রায় ১০০০ কিলমিটাৰ চাইকেল চলাবলগীয়া হ'ব বুলি জানিবলৈ দিছে সাংবাদিকগৰাকীয়ে। ডিব্ৰুগড়ত সাংবাদিকগৰাকীক বিভিন্ন সাংবাদিক সংগঠনে সম্বৰ্ধনা জনাই এই যাত্ৰাত উত্সাহ যোগাইছে।

দিনে-নিশাই নিজৰ জীৱন তুচ্ছ কৰিও কৰ্তব্য পালন কৰি অহা সাংবাদিকসকলে নিৰাপত্তাহীনতাত ভোগাতো আজিৰ সমস্যা নহয়, অসম গণ পৰিষদ আৰু কংগ্ৰেছৰ শাসন কালতো বহু সাংবাদিক আক্ৰমণৰ বলি হৈছিল। বিজেপি চৰকাৰৰ কার্যকালত সাংবাদিকৰ সামাজিক নিৰাপত্তা সুনিশ্চিত হ'ব বুলি আশা কৰা হৈছিল যদিও ইয়াৰ বিপৰীত ছবিহে পৰিলক্ষিত হৈছে।

লগতে পঢ়ক:শিৱসাগৰত পথ দুৰ্ঘটনাত থিতাতে নিহত এজন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.