ডিব্ৰুগড়,17 ডিচেম্বৰ: অৱশেষত সন্ধান ওলাল যোৱা 12 ডিচেম্বৰৰ সন্ধিয়াৰ পৰা নিৰুদ্দেশ হৈ থকা ডিব্ৰুগড় বৈৰাগীমঠ কছাৰী গাৱঁৰ মলখুবছাৰ মিলিজুলি পথৰ নিবাসী মুজিবুৰ ৰহমানৰ ৷ বৃহস্পতিবাৰে বাণীপুৰ ৰেল ষ্টেচনৰ পিছফালে এটা নলাত উদ্ধাৰ হয় যুৱকজনৰ ক্ষত বিক্ষত মৃতদেহ ৷ কোনো অচিনাক্ত দুৰ্বৃত্তই যুৱকজনক হত্যা কৰি নলাত মৃতদেহটো পেলাই থৈ যোৱাৰ সন্দেহ কৰিছে স্থানীয় ৰাইজ আৰু আৰক্ষীয়ে ৷ মৃতদেহৰ মুখমণ্ডল,মূৰ,বুকুত আঘাতৰ চিহ্ন স্পষ্ট হৈ থকাত যুৱকজন হত্যাৰ বলি হোৱা বুলি নিশ্চিত হৈছে আৰক্ষী ৷
উল্লেখ্য যে,যোৱা 12 ডিচেম্বৰৰ সন্ধিয়া ছয় বজাৰ পৰাই নিৰুদ্দেশ হৈ আছিল লুটাফুৰ ৰহমান ওৰফে মুজিবুৰ ৰহমান নামৰ 31 বছৰীয়া যুৱকজন ৷ এই সন্দৰ্ভত 13 ডিচেম্বৰত গাভৰু পথাৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিল যুৱকজনৰ পৰিয়ালৰ লোকে ৷ কিন্তু বিগত 5 দিনে যুৱকজনৰ কোনো শুংসুত্ৰ উলিয়াবলৈ সক্ষম হোৱা নাছিল আৰক্ষী ৷ অৱশেষত বৃহস্পতিবাৰে পুৱাই উদ্ধায় হয় যুৱকজনৰ মৃতদেহ ৷ আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰিছে ৷ ইপিনে যুৱকজনৰ ম'বাইলটো মাইজানৰ এজন ব্যক্তিৰ পৰা উদ্ধাৰ হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ যুৱকজনক কোনে আৰু কিয় হত্যা কৰিলে তাৰ উচিত তদন্ত আৰু শাস্তিৰ দাবী তুলিছে স্থানীয় ৰাইজে ৷
লগতে পঢ়কঃ আজি ঘোষণা হ’ব অসম জাতীয় পৰিষদৰ কাৰ্যনিৰ্বাহক সমিতি