নাহৰকটীয়া, 5 জুন: বিশ্ব পৰিৱেশ দিৱস উপলক্ষে এজন যুৱকৰ ব্যতিক্ৰমী প্ৰচেষ্টা ৷ নাহৰকটীয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত ২নং চামগুৰিৰ নিৰণ কিষাণ নামৰ ৩৬ বছৰীয়া যুৱকজনে নাৰিকলৰ বাকলি-খোলা,পেলনীয়া টেমা ইত্যাদি সামগ্ৰীসমূহ ৰং-তুলিকাৰে শুৱনি কৰি বাস কৰা গাঁৱখন আটক ধুনীয়াকৈ সজোৱাৰ বাবে ব্যস্ত হৈ পৰে ৷ লগতে চামগুৰিৰ পৰা প্ৰায় ৩ কিল’মিটাৰলৈকে পথৰ দুয়োকাষে এই সামগ্ৰীসমূহ টাবৰূপে ব্যৱহাৰ কৰি ৰোপণ কৰে গছপুলি ৷ নিৰণৰ এই প্ৰচেষ্টাত সহযোগ কৰে স্থানীয় কেইবাজনো যুৱকে ৷ এইদৰে বহুতো মূল্যৱান গছপুলি ৰোপণেৰে প্ৰকৃতিৰ ভাৰসাম্য ৰক্ষাৰ অনন্য প্ৰয়াস কৰে যুৱকজনে ৷ উল্লেখ্য যে,স্বচ্ছতাতে ঈশ্বৰ বিৰাজমান বুলি বিশ্বাস কৰা যুৱকজনে স্বচ্ছতাৰ দ্বাৰা কৰ’ণা মহামাৰী নিৰ্মূল হোৱাৰ আশা প্ৰকাশ কৰে ৷
লগতে চাওকঃ এএমচিৰ কৰ্কট চিকিৎসালয়ত কেম' সেৱা মুকলি হিমন্ত বিশ্ব শৰ্মাৰ