ফলে-ফুলে জাতিষ্কাৰ এটি অংগনবাদী কেন্দ্ৰ - খোৱাং উন্নয়ন খণ্ড
ৰাজ্যৰ সমাজ কল্যাণ বিভাগে এইক্ষেত্ৰত বিশেষ ব্যৱস্থা গ্ৰহণ কৰি আহিছে । ৰাজ্য চৰকাৰৰ বিভিন্ন আঁচনি আৰু কাৰ্য্যসূচীৰ ভিতৰত প্ৰধানকৈ অংগনবাদী কেন্দ্ৰত শিশুৰ সামগ্ৰিক বিকাশৰ ক্ষেত্ৰত সুবিধা প্ৰদান কৰিবৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে । এনে সময়তে ডিব্ৰুগড় জিলাৰ এটা অংগনবাদী কেন্দ্ৰ বিশেষ চৰ্চালৈ আহিছে ।
মৰাণ,14 ফেব্ৰুৱাৰীঃ মহিলা আৰু শিশুৰ বাবে কোনো উন্নয়নমূলক কাৰ্যক্ৰম নাথাকিলে তেনে সমাজত ন্যায়, সমতা বা ব্যাপক সামাজিক আৰু অৰ্থনৈতিক উন্নয়ন সাধন কৰাটো কেতিয়াও সম্ভৱ নহয় । ৰাজ্যৰ সমাজ কল্যাণ বিভাগে এইক্ষেত্ৰত বিশেষ ব্যৱস্থা গ্ৰহণ কৰি আহিছে । ৰাজ্য চৰকাৰৰ বিভিন্ন আঁচনি আৰু কাৰ্যসূচীৰ ভিতৰত প্ৰধানকৈ অংগনবাদী কেন্দ্ৰত শিশুৰ সামগ্ৰিক বিকাশৰ ক্ষেত্ৰত সুবিধা প্ৰদান কৰিবৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে । এনে সময়তে ডিব্ৰুগড় জিলাৰ এটা অংগনবাদী কেন্দ্ৰ বিশেষ চৰ্চালৈ আহিছে ।
জিলাখনৰ খোৱাং উন্নয়ন খণ্ডৰ অন্তৰ্গত ২নং বেজপথাৰৰ ৰংৰঙীয়া অংগনবাদী কেন্দ্ৰটিয়ে এতিয়া সকলোৰে মন আকৰ্ষিত কৰিছে । কেন্দ্ৰটোৰ কৰ্মী, সহায়িকা লক্ষীপ্রভা বৰবৰা আৰু বিনা খৰিয়া নামৰ মহিলা দুগৰাকীয়ে কেন্দ্ৰটোৰ চৌহদত ফল-ফুল ৰোপণ কৰাৰ লগতে বিভিন্ন ধৰণৰ শাক-পাচলিৰ বাৰী পাতি এক আকৰ্ষণীয় পৰিৱেশৰ সূচনা কৰিছে ।
লক ডাউনৰ সময়তে এই দুই কৰ্মীয়ে গঢ়ি তুলিছিল বাগিচাখন । সমাজৰ স্বীকৃতি আৰু যোগাযোগ বিভাগৰ যোগেদি এই বিষয়ে জ্ঞাত হৈ ডিব্ৰুগড় জিলা সমাজ কল্যাণ বিভাগৰ মুৰব্বীসকল আহি এই কেন্দ্ৰটো পৰিদৰ্শন কৰাৰ লগতে ভূয়সী প্ৰশংসা কৰে ৷ লগতে কৃষি বিভাগক জড়িত কৰি তেওঁলোকক প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰে । শিশুৰ মানসিক আৰু শাৰিৰীক বিকাশৰ বাবে কেন্দ্ৰটোৰ পৰিচালিকাসকলে যি ভূমিকা গ্ৰহণ কৰিছে, তাক বিভাগীয় বিষয়াসকলৰ লগতে স্থানীয় ৰাইজে শলাগ লৈছে ।
লগতে পঢ়কঃ মুখ্যমন্ত্ৰীৰ গৃহ চহৰত চৰকাৰৰ বিৰুদ্ধে ক্ষোভ কিয় !