ETV Bharat / state

সোণাৰিৰ এটি দেৱ শিশুক লাগে আপোনাৰ সহায় - মুখ্যমন্ত্ৰী ড0 হিমন্ত বিশ্ব শৰ্মা

কৰ'ণা মহামাৰীৰ বাব ৰাজ্য চৰকাৰে নতুন নিয়মাৱলীৰ কাৰ্যকৰী কৰাৰ ফলত মাত্ৰ আধাবেলা দিন-হাজিৰা কৰা দুৰ্ভগীয়া পিতৃৰ দৈনিক ১০০ টকা উপাৰ্জনত পৰিয়াল পৰিচালনা কৰাৰ লগতে শিশুটিক উন্নত চিকিৎসা প্ৰদান কৰাবলৈ কঠিন হৈ পৰিছে ।

A baby of Sonari needs help
সোণাৰিৰ এটি দেৱ শিশুক লাগে আপোনাৰ সহায়
author img

By

Published : May 31, 2021, 10:45 PM IST

ডিব্ৰুগড়, 31 মে’ : সোণাৰিৰ এটি দেৱ শিশুক লাগে আপোনাৰ সহায়ৰ হাত ৷ ডিব্ৰুগড়ৰ জিলাৰ সোণাৰি ভজোৰ তৌফিক আলি আৰু ফাতমা খাতুমৰ সন্তানটি জন্মৰে পৰা বিগত ছয়মাহ ধৰি যকৃতৰ ৰোগত আক্ৰান্ত হৈ আছে । অতি দৰিদ্ৰ পৰিয়ালটোৱে বিগত সময়ত ডিব্ৰুগড় মেডিকেল কলেজ হাস্পাতালত চিকিৎসা চলাই প্ৰাৰম্ভিক পৰ্যায়ত হাৰনীয়াৰ অস্ত্ৰোপচাৰ কৰিছিল যদিও আজি ১৫ দিনে শিশুটিৰ দেহৰ বৰণ হালধীয়া হোৱাৰ লগতে প্ৰস্ৰাৱ ৰঙা হৈ পৰিছে ৷

সোণাৰিৰ এটি দেৱ শিশুক লাগে আপোনাৰ সহায়

শিশুটোৱে লগতে সঘনাই দুগ্ধ পান নকৰাত চিন্তিত হৈ পৰিছে শিশুটিৰ পিতৃ-মাতৃ । চিকিৎসকে শিশুটি জটিল যকৃত ৰোগত আক্ৰান্ত হোৱা বুলি পৰিয়ালৰ লোকক জানিব দি বহিঃৰাজ্যত চিকিৎসা কৰাৰ পৰামৰ্শ দিয়ে যদিও আৰ্থিক অনাটনৰ বাবে উন্নত চিকিৎসা কৰাব পৰা নাই পৰিয়ালটোৱে ।

আনহাতে কৰ'ণা মহামাৰীৰ ফলত ৰাজ্য চৰকাৰে নতুন নিয়মাৱলীৰ কাৰ্যকৰী কৰাৰ ফলত মাত্ৰ আধাবেলা দিন-হাজিৰা কৰা দুৰ্ভগীয়া পিতৃৰ দৈনিক ১০০ টকা উপাৰ্জনত পৰিয়াল পৰিচালনা কৰাৰ লগতে শিশুটিক উন্নত চিকিৎসা প্ৰদান কৰাবলৈ কঠিন হৈ পৰিছে । যাৰবাবে মুখ্যমন্ত্ৰী ড0 হিমন্ত বিশ্ব শৰ্মাৰ লগতে অসমবাসীৰ ওচৰত শিশুটোৰ চিকিৎসাৰ বাবে সহায় বিচাৰিছে পিতৃ মাতৃয়ে ৷

দৰিদ্ৰ পৰিয়ালটোক যদি কোনো সদাশয় ব্যক্তিয়ে আৰ্থিক সাহায্য আগবঢ়াব বিচাৰে তেনেহ’লে Branch : Andhra Bank, Tinsukia branchA/C HOLDER : FATMA KHATOON, A/C NO. : 181110100040971 IFSC CODE :- ANDB0001811 শাখাৰ যোগেদি আগবঢ়াব পাৰিব বুলি জানিবলৈ দিছে পৰিয়ালৰ লোকে ।

লগতে পঢ়ক : মেট্ৰিক নোহোৱালৈকে কৰিব নোৱাৰিব একাদশ শ্ৰেণীৰ নামভৰ্তি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.