ETV Bharat / state

ডিব্ৰুগড় ৰাইজৰ বাবে অভিশপ্ত ৮ ছেপ্তেম্বৰৰ দিনটো

author img

By

Published : Sep 9, 2021, 8:47 PM IST

ডিব্ৰুগড়ৰ জকাই ঘগৰাজান নৈত এক নাও দুৰ্ঘটনাত পতিত হৈ মৃত্যুক আকোঁৱালি লৈছিল জকাই উচ্চ মাধ্যমিক বিদ্যালয়ৰ ১১ গৰাকীকৈ ছাত্ৰ-ছাত্ৰীয়ে । বিদ্যালয়লৈ বুলি টুলুঙা নাৱেৰে পাৰ হ'ব খোজোতে ঘগৰাজান নৈৰ কোবাল সোঁতে উটুৱাই নিছিল ৩০ জনকৈ ছাত্ৰ-ছাত্ৰী ।

ডিব্ৰুগড় ৰাইজৰ বাবে অভিশপ্ত ৮ ছেপ্তেম্বৰৰ দিনটো
ডিব্ৰুগড় ৰাইজৰ বাবে অভিশপ্ত ৮ ছেপ্তেম্বৰৰ দিনটো

মৰাণ, 9ছেপ্তেম্বৰ: ১৯৮৮ চনৰ ৮ ছেপ্তেম্বৰৰ দিনটো এটা অভিশপ্ত দিন ডিব্ৰুগড়বাসীৰ বাবে । উল্লেখযোগ্য যে, বুধবাৰৰ দিনটোতে জকাই উচ্চ মাধ্যমিক বিদ্যালয়ৰ ১১ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে বিদ্যালয়লৈ বুলি ঘৰৰ পৰা ওলাই আহোতে প্ৰাণ হেৰুৱাইছিল ।

ঘটনা অনুসৰি ডিব্ৰুগড়ৰ জকাই ঘগৰাজান নৈত এক নাও দুৰ্ঘটনাত পতিত হৈ মৃত্যুক আকোঁৱালি লৈছিল জকাই উচ্চ মাধ্যমিক বিদ্যালয়ৰ ১১ গৰাকীকৈ ছাত্ৰ-ছাত্ৰীয়ে । বিদ্যালয়লৈ বুলি টুলুঙা নাৱেৰে পাৰ হ'ব খোজোতে ঘগৰাজান নৈৰ কোবাল সোঁতে উটুৱাই নিছিল ৩০ জনকৈ ছাত্ৰ-ছাত্ৰী ।

ইয়াৰে স্থানীয় লোকৰ তৎপৰতাত ১৯ জন শিক্ষাৰ্থীৰ প্ৰাণ ৰক্ষা পৰাৰ বিপৰীতে মৃত্যু হৈছিল ১১ গৰাকী ছাত্ৰ-ছাত্ৰীৰ । আনহাতে ৰাজ্যবাসীক শোকাহত কৰা এই ঘটনাৰ সোঁৱৰণত নিৰ্মাণ কৰা হৈছিল স্মৃতি সৌধ ।

বিদ্যালয়ৰ চৌহদত জকাই আঞ্চলিক ছাত্ৰ সন্থাই নিৰ্মাণ কৰা স্মৃতি সৌধত প্ৰতি বছৰে উদযাপন কৰি আহিছে 11 গৰাকী ছাত্ৰ-ছাত্ৰীৰ স্মৃতি দিৱস । কিন্তু বিগত দুটা বছৰ ধৰি উদযাপন হোৱা নাই স্মৃতি দিৱস ক’ভিড কালীন পৰিস্থিতি আৰু স্মৃতি সৌধটো জৰাজীৰ্ণ হোৱাৰ বাবে ।

লগতে পঢ়কঃ নিমাতীঘাটৰ ট্ৰেজেডি : সহযাত্ৰীৰ প্ৰাণ বচাবলৈ গৈ সন্ধানহীন ইন্দ্ৰেশ্বৰ বৰা

উল্লেখযোগ্য যে, সেই সময়ত তদানীন্তন ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ সভাপতি তথা প্ৰাক্তন মুখ্যমন্ত্ৰী, বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত নিৰ্মাণ কৰা স্মৃতি সৌধটো এতিয়া জৰাজীৰ্ণ ৰূপ লৈছে । স্মৃতি সৌধৰ চৌহদৰ পৰিৱেশে এতিয়া কদৰ্যময় ৰূপ লৈছে ।

ইফালে শ্ৰদ্ধাঞ্জলি জনাবলৈ অহা ছাত্ৰ-ছাত্ৰী সকলৰ পৰিয়ালৰ লোকে ক্ষোভ উজাৰিলে বিদ্যালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে । লগতে পৰিয়ালৰ লোকে চৰকাৰক স্মৃতি সৌধটো সংৰক্ষণ কৰিবলৈ আহ্বান জনায় ।

একেদৰে অনুষ্ঠানত উপস্থিত থকা অৱসৰপ্ৰাপ্ত কৃতী শিক্ষক সমীৰণ কুমাৰ দাসে অভিশপ্ত ঘটনাটোৰ স্মৃতি সোঁৱৰণ কৰে ৷ সম্প্ৰতি ঘগৰাজানত দলং নিৰ্মাণ কৰা হ'ল যদিও শিক্ষাৰ্থীসকলৰ স্মৃতিত স্থাপন নকৰাত ক্ষোভ প্ৰকাশ কৰে অৱসৰপ্ৰাপ্ত শিক্ষকগৰাকীয়ে ।

লগতে পঢ়কঃ নিমাতীঘাটৰ ঘটনাৰ বাবে জলপৰিবহণ বিভাগৰ লগতে যাত্ৰীৰো ভুল আছে : অতুল বৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.