ETV Bharat / state

মৰাণত ক'ভিডত আক্ৰান্ত ৰোগীৰ সংখ্যা 487 গৰাকীলৈ বৃদ্ধি

author img

By

Published : May 3, 2021, 11:03 PM IST

ডিব্ৰুগড় জিলাৰ খোৱাং প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত বিভিন্ন স্বাস্থ্য আৰু উপস্বাস্থ্য কেন্দ্ৰত সোমবাৰে দিনটোতে 52 গৰাকী লোকৰ দেহত ক'ভিডৰ অৱস্থিতি ধৰা পৰিছে ৷ ইয়াৰে 4 গৰাকী লোক স্বাস্থ্য কেন্দ্ৰৰ বাহিৰৰ অঞ্চলৰ বুলি জানিব পৰা গৈছে ।

মৰাণত ক'ভিডত ৰোগীৰ সংখ্যা 487 গৰাকীলৈ বৃদ্ধি

মৰাণ, 3 মে’ : অসমৰ বিভিন্ন জিলাৰ লগতে ডিব্ৰুগড়তো ক’ভিড আক্ৰান্তৰ সংখ্যা প্ৰতিদিনে বৃদ্ধি পাইছে ৷ ডিব্ৰুগড় জিলাৰ খোৱাং প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত বিভিন্ন স্বাস্থ্য আৰু উপস্বাস্থ্য কেন্দ্ৰত সোমবাৰে দিনটোতে 52 গৰাকী লোকৰ দেহত ক'ভিডৰ অৱস্থিতি ধৰা পৰিছে ৷ ইয়াৰে 4 গৰাকী লোক স্বাস্থ্য কেন্দ্ৰৰ বাহিৰৰ অঞ্চলৰ বুলি জানিব পৰা গৈছে । সোমবাৰলৈ খোৱাং প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত মুঠ 416 গৰাকী ক‘ভিড আক্ৰান্ত ৰোগী চিনাক্ত কৰা হয় ।

আনহাতে চৰাইদেউ জিলাৰ পাতসাঁকো প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ মাহমৰা ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত এলেকাত 3 মে’ লৈ 4 গৰাকী লোকৰ দেহত ক’ভিডৰ অৱস্থিতি ধৰা পৰিছে । জিলাখনত সৰ্বমুঠ 71 গৰাকী লোক ক'ভিডত আক্ৰান্ত হৈছে বুলি জানিব পৰা গৈছে । চিকিৎসক সকলে জনোৱা মতে, প্ৰায় আক্ৰান্ত ৰোগী সকলক হোম আইচ’লেশ্যনত ৰখা হৈছে । উল্লেখ্য যে, দুয়োখন জিলাৰ অন্তৰ্গত বৃহত্তৰ মৰাণ অঞ্চলত সৰ্বমুঠ 487 গৰাকী ক'ভিডত আক্ৰান্ত ৰোগী চিনাক্ত কৰা হয় ।
লগতে পঢ়ক : কৰ্ণাটকত অক্সিজেনৰ অভাৱত ২৪ গৰাকী ক'ভিড ৰোগীৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.