ETV Bharat / state

Dibrugarh Terrible road accident: ডিব্ৰুগড়ৰ পথ দুৰ্ঘটনাত আহত 6 জন চিকিৎসাধীন

author img

By ETV Bharat Assamese Team

Published : Sep 11, 2023, 3:31 PM IST

অভিশপ্ত দেওবাৰ ৷ ইন’ভা আৰু ট্ৰাকৰ মাজত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনাত আহত 6 গৰাকীক বৰ্তমান ডিব্ৰুগড়ৰ শ্ৰীমন্ত শংকৰদেৱ চিকিৎসালয়ত চিকিৎসা চলি আছে ৷ ইয়াৰে 3 গৰাকীৰ অৱস্থা অতি সংকটজনক ৷

Dibrugarh Terrible road accident
ডিব্ৰুগড়ৰ পথ দুৰ্ঘটনাত আহত 6 জন চিকিৎসাধীন

মৰাণ, 11 ছেপ্টেম্বৰ : দেওবাৰে সন্ধিয়া ডিব্ৰুগড়ৰ লেপেটকটাৰ ঘূৰণীয়াত ইন’ভা আৰু ট্ৰাকৰ মাজত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনাত আহত 6 গৰাকীক বৰ্তমান ডিব্ৰুগড়ৰ শ্ৰীমন্ত শংকৰদেৱ চিকিৎসালয়ত চিকিৎসা চলি আছে ৷ ইয়াৰে 3 গৰাকীৰ অৱস্থা অতি সংকটজনক বুলি জানিবলৈ দিছে পৰিয়ালৰ লোকে ৷ সংকটজনক 3 গৰাকীৰ ভিতৰত এগৰাকী মহিলা আৰু দুটা শিশু । বৰ্তমান ICU ত চিকিৎসাধীন হৈ আছে আহত 6 গৰাকী ৷

চিকিৎসাধীন হৈ থকা অন‍্য তিনিগৰাকী বৰ্তমান বিপদমুক্ত বুলি জানিব পৰা গৈছে । উল্লেখ্য যে, এই শোকাৱহ দুৰ্ঘটনাত ঘটনাস্থলীতে পুষ্পা সুৰেখা আগৰৱালা (65) নিহত হোৱাৰ লগতে ইন’ভা চালক আবু বাক্কাৰ দেৱানৰ অসম চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা অৱস্থাত মৃত্যু হৈছিল।

ডিব্ৰুগড়ৰ এটা অনুষ্ঠানত অংশ লৈ শিৱসাগৰ আৰু গুৱাহাটীৰ দুটা পৰিয়াল একেলগে ডিব্ৰুগড়ৰ পৰা শিৱসাগৰ অভিমুখে AS 1JC 3076 নম্বৰৰ ইন'ভা বাহনখনত গৈ থকা সময়তে ডিব্ৰুগড়ৰ লেপেটকটাত এই ভয়ংকৰ ঘটনাটো সংঘটিত হৈছিল । প্ৰথম অৱস্থাত স্থানীয় আৰক্ষী আৰু প্ৰত্যক্ষদৰ্শীয়ে ইনভাত থকা চালক সহ 8 গৰাকী যাত্ৰীৰ মৃত্যু হোৱা বুলি অনুমান কৰিছিল।

কিন্তু চিকিৎসালয়ত নিশ্চিত হয় যে 6 গৰাকী যাত্ৰীৰ অৱস্থাত সংকটজনক। লেপেটকটাৰ ৰেডিঅ' চেন্টাৰৰ সমীপত ডিব্ৰুগড় অভিমুখে আহি থকা ট্ৰাকেৰে মুখামুখি সংঘর্ষ হৈছিল ইন’ভাখনৰ ৷ আহতকেইগৰাকী হৈছে সতীশ কুমাৰ আগৰৱালা, পম্পী আগৰৱালা, কৃষ্ণ কুমাৰ আগৰৱালা, নিৰ্মল কুমাৰ আগৰৱালা, নমন আগৰৱালা, গোলু আগৰৱালা। ডিব্ৰুগড় আৰক্ষীয়ে ঘটনাক লৈ তদন্ত অব্যাহত ৰাখিছে যদিও ঘটনা সংঘটিত কৰি পলায়ন কৰা ট্ৰাক চালজনক এতিয়াও আটক কৰিবলৈ সক্ষম হোৱা নাই ।

লগতে পঢ়ক: Terrible road accident: ডিব্ৰুগড়ত শোকাৱহ পথ দুৰ্ঘটনাত থিতাতে নিহত 2 জন; 5 জন সংকটজনক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.