ETV Bharat / state

Child abuse case : টিংখাঙত মামীয়েকৰ নিৰ্যাতনৰ বলি ৫ বছৰীয়া কণমানি

ডিব্ৰুগড়ৰ টিংখাঙত শিশু নিৰ্যাতনৰ ঘটনা (Child abuse case at Tingkhong)। ৫ বছৰীয়া কণমানিক মামীয়েকে কৰিলে অমানুষিক অত্যাচাৰ । মামীয়েকৰ প্ৰহাৰত শৰীৰৰ কেইবা স্থানটো দাগ কণমানিৰ । স্থানীয় লোকৰ সহযোগ আত্মীয়ই উদ্ধাৰ কৰে কণমানিজনীক । নিষ্ঠুৰ মামীয়েকৰ বিৰুদ্ধে এজাহাৰ ।

author img

By

Published : Jul 30, 2022, 4:42 PM IST

Child abuse case
টিংখাঙত মামীয়েকৰ নিৰ্যাতনৰ বলি ৫ বছৰীয়া কণমানি

মৰাণ,৩০ জুলাই : ডিব্ৰুগড় জিলাৰ টিংখাঙত জঘন্য ঘটনা । মানৱ সমাজক লজ্জানত কৰা এক ঘটনাক লৈ তীব্ৰ উত্তেজনা অঞ্চলটোত । শুনিলে আপোনাৰো গাৰ নোম শিয়ৰি উঠিব । এগৰাকী ৫ বছৰীয়া কণমানিক তালিবানী শাস্তি দিলে মামীয়েকে (5 year old child tortured by aunt)।

কেমেৰাৰ সন্মুখত মামীয়েকৰ অত্যাচাৰৰ কথা বৰ্ণনা কৰিলে খোদ কণমানিজনীয়ে । নিষ্ঠুৰতাৰ সীমা অতিক্ৰম কৰি মামীয়েকে যিধৰণে কণমানিজনীক শাৰীৰিক নিৰ্যাতন চলালে সেয়া কোনো সুস্থ মানসিকতাৰ লোকৰ নহয় বুলিও এতিয়া অভিযোগ কৰিছে বিভিন্নজনে ।

ঘটনাটো ডিব্ৰুগড় জিলাৰ টিংখাং সমষ্টিৰ নখাটৰ লাহোৱালৰ (Child abuse case in Tingkhong)। পিতৃৰ বিয়োগৰ পাছত কণমানিজনীক মোমায়েকৰ ঘৰত থৈ গুৱাহাটীত কাম কৰে মাতৃয়ে । কিন্তু মোমায়েকৰ ঘৰত থকা কণমানিজনীক প্ৰতিদিনে পৈশাচিক অত্যাচাৰ চলায় নিজ মামীয়েকে । প্ৰায় প্ৰতিদিনেই মাৰপিট কৰাৰ লগতে খাবলৈ নিদিয়া আৰু খাদ্যৰ নামত কেতিয়াবা গাহৰিৰ দানা খাবলৈ দিয়াৰ দৰেও গুৰুতৰ অভিযোগ মামীয়েকৰ বিৰুদ্ধে ।

অভিযোগ অনুসৰি কেতিয়াবা কণমানিজনীৰ কাপোৰ জ্বলাই দিয়ে, ধান খেৰ পাৰি জন্তুৰ দৰে শুবলৈ দিয়াৰ দৰে অমানুষিক অত্যাচাৰ চলায় মামীয়েকে । এনে ধৰণৰ অমানুষিক অত্যাচাৰৰ কথা একাংশ গাঁৱৰ বাসিন্দা আৰু আত্মীয়ই গম পোৱাৰ পাছতে পৰিয়ালৰ আন সদস্যসকলে কণমানিজনীক উদ্ধাৰ কৰে । শিশুটিৰ দেহত বৰ্তমানো স্পষ্ট মাৰপিটৰ দাগ ।

ইফালে নিষ্ঠুৰ মামীয়েকৰ বিৰুদ্ধে ইতিমধ্যে কণমানিজনীৰ আত্মীয়ই থানাত এজাহাৰ দাখিল কৰিছে । শৰীৰৰ বিভিন্ন স্থানত আঘাতৰ দাগ থকা কণমানিজনীক চিকিৎসাৰ ব্যৱস্থাও কৰিছে আৰক্ষীয়ে । কিন্তু প্ৰশ্ন হয় কিমান নিষ্ঠুৰ হ'লে এগৰাকী মামীয়েকে এনেদৰে অত্যাচাৰ চলাব পাৰে ৫ বছৰীয়া এগৰাকী ভাগিনীয়েকক । এই ঘটনা পোহৰলৈ অহাৰ পাছতে এতিয়া কণমানিগৰাকীৰ ন্যায়ৰ দাবীত ওলাই আহিছে বিভিন্নজন । নিষ্ঠুৰ মামীয়েকক শাস্তি প্ৰদানৰ বাবে আৰক্ষীক দাবী জনাইছে একাংশ লোকে ।

লগতে পঢ়ক :Sexual harassment case: প্ৰধান শিক্ষকৰ কামনাৰ বলি কণমানি ছাত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.