ডিব্ৰুগড়, ৩১ আগষ্ট : বৰ্তমান ক'ভিড-১৯(Covid-19)ৰ দ্বিতীয় ঢৌৰ সংক্ৰমণ সমগ্ৰ দেশতে অব্যাহত আছে । অসমতো অব্যাহত আছে মহামাৰীৰ সংক্ৰমণ । তুলনামূলকভাৱে আক্ৰান্তৰ হাৰ হ্ৰাস হৈছে যদিও এতিয়াও মহামাৰীৰ ভয়াৱহতা দূৰ হোৱা নাই ।
এনে সংকটৰ সময়তে ক'ভিডৰ সৈতে মোকাবিলা কৰাৰ বাবে ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ সহযোগিতা আগবঢ়াইছে অইল ইণ্ডিয়া লিমিটেডে । চিকিৎসা মহাবিদ্যালয়খনক মুঠ ৪০ কিল’লিটাৰ অক্সিজেন(Oxygen) যোগান ধৰিব অইলে । বৰ্তমান অক্সিজেন টেংকৰ ইনষ্ট'লেশ্যনৰ প্ৰক্ৰিয়া অব্যাহত আছে ।
অসম চিকিৎসা মহাবিদ্যালয়ৰ ছুপাৰ স্পেচিয়েলিটি ভৱনৰ সন্মুখত এই টেংক সংস্থাপনৰ ব্যৱস্থা কৰা হৈছে । অক্সিজেনৰ মজুতকৰণে অসম চিকিৎসা মহাবিদ্যালয়ত আগন্তুক সময়ত অক্সিজেনৰ নাটনি হোৱাৰ পৰা সকাহ দিব । বিশেষকৈ ক'ভিডৰ সংক্ৰমণ প্ৰতিৰোধৰ ক্ষেত্ৰতো ই একপ্ৰকাৰ যুগান্তকাৰী সংযোজন বুলি অভিহিত কৰিব পাৰি ।
উল্লেখ্য যে, ক'ভিড-১৯ৰ তৃতীয় ঢৌ সংক্ৰমণ আৰম্ভ হোৱাৰ সম্ভাৱনা প্ৰবল হোৱাৰ সময়তে উত্তৰ-পূৰ্বাঞ্চলৰ হাজাৰ হাজাৰ ৰোগীৰ ভৰসা স্বৰূপ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত হোৱা এই সংযোজন যথেষ্ট সহায়ক হিচাপে বিবেচিত হ'ব বুলি আশা প্ৰকাশ কৰা হৈছে ।
ক'ভিডৰ প্ৰথম আৰু দ্বিতীয় ঢৌৰ সংক্ৰমণৰ সময়ত ডিব্ৰুগড়ৰ চিকিৎসালয়সমূহতো অক্সিজেনৰ অভাৱে এক জটিল পৰিস্থিতিৰ সৃষ্টি কৰিছিল । অক্সিজেনৰ অভাৱত বহু ক'ভিড ৰোগীয়ে হাৰাশাস্তি ভূগিবলগীয়া হৈছিল । এতিয়া পুনৰ তেনে পৰিস্থিতিৰ সৃষ্টি নহ'ব বুলি আশা কৰিছে অসম চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষই । উল্লেখ্য যে, অসমত এতিয়াও শতাধিক ৰোগী দৈনিক আক্ৰান্ত হৈছে ক'ভিড-১৯ ত ।
লগতে পঢ়ক: বিদ্যুৎ কেন্দ্ৰ মুকলি কৰি দীৰ্ঘদিনীয়া সমস্যা দূৰ কৰাৰ আশ্বাস শক্তি মন্ত্ৰীৰ