ETV Bharat / state

ডিব্ৰুগড়ৰ নিচামুক্তি কেন্দ্ৰৰ পৰা আৱাসীৰ ৰহস্যজনক পলায়ন - প্ৰত্যাৰ্ৱতন নামৰ এক নিচামুক্তি কেন্দ্ৰ

ডিব্ৰুগড়ৰ এক নিচা মুক্তি কেন্দ্ৰত সংঘটিত হৈছে এক অঘটন । ডিব্ৰুগড়ৰ পশ্চিম মিলন নগৰৰ "এন" গলিস্থিত 'প্ৰত্যাৰ্ৱতন' নামৰ এক নিচামুক্তি কেন্দ্ৰৰ পৰা ৪০ গৰাকীকৈ আৱাসীৰ একেদিনাই পলায়ন কৰা ঘটনাই সৰ্বত্ৰে ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে ।

প্ৰত্যাৰ্ৱতন নামৰ এক নিচামুক্তি কেন্দ্ৰ
ডিব্ৰুগড়ৰ নিচামুক্তি কেন্দ্ৰৰ পৰা আৱাসীৰ ৰহস্যজনক পলায়ন
author img

By

Published : Oct 23, 2019, 5:31 AM IST

Updated : Jun 28, 2022, 10:40 AM IST

ডিব্ৰুগড়,22 অক্টোবৰঃ ডিব্ৰুগড়ৰ এক নিচা মুক্তি কেন্দ্ৰত সংঘটিত হৈছে এক অভাৱনীয় ঘটনা । ডিব্ৰুগড়ৰ পশ্চিম মিলন নগৰৰ "এন" গলিস্থিত 'প্ৰত্যাৰ্ৱতন' নামৰ এক নিচামুক্তি কেন্দ্ৰৰ পৰা ৪০ গৰাকীকৈ আৱাসী একেদিনাই পলায়ন কৰা ঘটনাই সৰ্বত্ৰে ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে । কিছু বছৰৰ পূৰ্বে এগৰাকী ড্ৰাগছ পৰিত্যাগ কৰা ব্যক্তি নাৰায়ণ উপাধ্যায় নামৰ ব্যক্তিজনে মূলসুঁতিলৈ ঘূৰি আহি প্ৰত্যাৱৰ্তন নামৰ ৰিহেবিলেচন চেন্টাৰটো স্থাপন কৰিছিল । প্ৰত্যাৱৰ্তন নামেৰে স্থাপন কৰা এই চেন্টাৰত ডিব্ৰুগড়ৰ লগতে ধেমাজি, চিলাপথাৰ, জোনাই, তিনিচুকীয়া, নামচাই, মাৰ্ঘেৰটা, কাকপথাৰ, শিৱসাগৰ, যোৰহাট, গোলাঘাট আদি বিভিন্ন স্থানৰ পৰা বিভিন্ন নিচাত আসক্ত ব্যক্তিক এই চেন্টাৰত ভৰ্তি কৰোৱা হয় । সকলো বিনামূলীয়া যদিও চিকিৎসাৰ লগতে অনান্য আনুষংগিক খৰচৰ বাবে প্ৰতিজন আসক্তৰ পৰা প্ৰতিমাহত ছয় হেজাৰ পৰা দহ হেজাৰ পযন্ত সংগ্ৰহ কৰা হয় । অতি সৰু সৰু কোঠাত চাৰি-পাঁচজনকৈ ব্যক্তিক ৰাখি বিভিন্ন মিছা অভিযোগত আৱাসীসকলে অকথ্য নিৰ্যাতন চলোৱাৰ গুৰুতৰ অভিযোগ উথাপিত হৈছে । যাৰ বাবেই অমানুষিক নিৰ্যাতন সহ্য কৰিব নোৱাৰি ইটোৰ পিছত সিটো আৱাসীকে ধৰি সৰ্বমুঠ ৪০ গৰাকীয়ে কিদৰে পলায়ন কৰিবলৈ সক্ষম হল, সেয়া এতিয়া গভীৰ ৰহস্যৰ আৱৰ্তত । উল্লেখযোগ্য যে, কিছু দিন পূৰ্বে আগষ্ট মাহত ডিব্ৰুগড়ৰ হাতীমূড়া গাঁৱত থকা আন এটা এনে নিচামুক্তি কেন্দ্ৰত শাৰীৰিক নিৰ্যাতনৰ ফলতেই মৃত্যু হৈছিল এজন আবাসীৰ । তেনেস্থলত এনেবোৰ কেন্দ্ৰৰ বিৰুদ্ধে প্ৰশাসনে কি অনুসন্ধানমূলক ব্যৱস্থা গ্ৰহণ কৰে সেয়াহে লক্ষ্যণীয় হ'ব ৷

আৰু পঢ়ক

Last Updated : Jun 28, 2022, 10:40 AM IST

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.