ETV Bharat / state

নথি-পত্ৰ বিহীন গাড়ী লৈ ব্যৱসায় আৰম্ভ কৰিছে দুষ্টচক্ৰই - অসম আৰক্ষী

ৰাজ্যত পুনৰ সৰৱ হৈ উঠিছে দুষ্টচক্ৰ ৷ অসম আৰক্ষীয়ে সম্প্ৰতি গাড়ী চুৰি তথা অবৈধভাৱে গাড়ীৰ লেনদেন কৰি থকা চক্ৰৰ বিৰুদ্ধে আৰম্ভ কৰিছে অভিযান ৷

4 people arrest with 5 Car at Dibrugarh
নথি-পত্ৰ বিহীন গাড়ী লৈ ব্যৱসায় আৰম্ভ কৰিছে দুষ্টচক্ৰই
author img

By

Published : Aug 9, 2021, 12:57 PM IST

মৰাণ, 9 আগষ্ট : সলনি হৈছে গাড়ী চুৰি চক্ৰৰ চুৰি কাৰ্যৰ কৌশল ৷ ৰাজ্যত সঘনাই সংঘটিত হৈ থকা গাড়ী চুৰি তথা অবৈধভাৱে গাড়ীৰ লেনদেন চক্ৰৰ বিৰুদ্ধে প্ৰশাসনে অভিযান চলাই থকাৰ সময়তে ডিব্ৰুগড়ৰ টেঙাখাটত শনিবাৰে পোহৰলৈ আহে এক ঘটনা ৷ আৰক্ষীয়ে এক অভিযানৰ জৰিয়তে ধনৰ লেনদেন কৰি অবৈধভাৱে আনৰ গাড়ী বন্ধকত ৰাখিবলৈ অনা প্ৰায় পাঁচখন বাহন জব্দ কৰে ৷ ডিব্ৰুগড় জিলাৰ টেঙাখাট আৰক্ষীয়ে এই চক্ৰৰ লগত জড়িতৰ অভিযোগত এগৰাকী মহিলাসহ চাৰিজন লোকক আটক কৰিবলৈ সক্ষম হয় ।

নথি-পত্ৰ বিহীন গাড়ী লৈ ব্যৱসায় আৰম্ভ কৰিছে দুষ্টচক্ৰই

অঞ্চলটোত অবৈধভাৱে গাড়ীৰ লেনদেন চলি থকাৰ এক খবৰ লাভ কৰি বৃহস্পতিবাৰে টেঙাখাট থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰিতুলমণি দাসৰ নেতৃত্বত এক অভিযান চলোৱা হয় ৷ আৰক্ষীয়ে টেঙাখাট বজাৰ নিবাসী চামচুল হকৰ ঘৰৰ সন্মুখত ৰখাই থোৱা অৱস্থাত AS 15G-2682 ইন’ভা, AS 27 A-5343 মাৰুতি এল্ট’, AS 01 JC-8101 মাৰুতি চুইফট ডিজায়াৰ, AS 01 AU -0531 ইন’ভা আৰু এখন নম্বৰ বিহীন বিলাসী বাহন উদ্ধাৰ কৰে ৷

আৰক্ষীয়ে বাহনকেইখন জব্দ কৰি থানালৈ লৈ আনে ৷ থানাত বাহন কেইখনৰ নথিপত্ৰসমূহ পৰীক্ষা কৰাত এইবোৰৰ কোনো বৈধতা নথকা বুলি আৰক্ষী নিশ্চিত হয় ৷ আৰক্ষীয়ে গাড়ী চুৰি চক্ৰৰ লগত জড়িত থকাৰ অভিযোগত ছয়মাইলৰ ৰঞ্জনা শইকীয়া গগৈ, দেৰগাঁৱৰ ভূৱন গগৈ, তুষাৰ ৰঞ্জন গগৈ আৰু বিশাল শইকীয়া নামৰ লোক কেইজনৰ বিৰুদ্ধে টেঙাখাট থানাত ৯৫/২০২১ নম্বৰত এটা গোচৰ ৰুজু কৰি ভাৰতীয় দণ্ডবিধি আইনৰ কেইবাটাও ধাৰাত গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে ।

লগতে পঢ়ক : লক্ষাধিক টকাসহ গ্ৰেপ্তাৰ বনকৰা মহিলা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.