মৰাণ, 26 জুন : নামৰূপ সাৰ কাৰখানাৰ মুখ্য প্ৰৱেশদ্বাৰৰ সম্মুখত সদৌ অসম ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ ৷ শনিবাৰে নামৰূপ সাৰ কাৰখানাৰ মুখ্য প্ৰৱেশদ্বাৰৰ সম্মুখত ছাত্ৰ সন্থাই পালন কৰিলে 15 বছৰীয়া প্ৰৱঞ্চনা দিৱস ৷ উক্ত কাৰ্যসূচীত উপস্থিত থাকে ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক অবনী কুমাৰ গগৈ, নামৰূপ আঞ্চলিক ছাত্ৰ সন্থাৰ উপদেষ্টা মানস জোতি চাংমাই, সাধাৰণ সম্পাদক অসীম ফুকনকে ধৰি সকলো বিষয়ববীয়া ৷ অতি শীঘ্ৰে সাৰ কাৰখানাৰ চতুৰ্থ গোট নিৰ্মাণৰ বাবে পদক্ষেপ গ্ৰহণ কৰিবলৈ চৰকাৰক দাবী জনাই ছাত্ৰ সন্থাৰ সদস্য সকলে ৷

উল্লেখ্য যে, ১৫ বছৰ পূৰ্বে 2006 চনৰ 26 জুনত নামৰূপত উপস্থিত হৈ সাৰ কাৰখানাটোৰ চতুৰ্থ গোটটোৰ নিৰ্মাণৰ কথা ঘোষণা কৰিছিল সেই সময়ৰ এন ডি এ(NDA) চৰকাৰৰ তদানীন্তন কেন্দ্ৰীয় সাৰ মন্ত্ৰী ৰামবিলাস পাচোৱানে ৷ কিন্তু আজি পৰ্যন্ত সেইয়া হৈ নুঠিল ৷ যাৰ বাবে কৃষিপ্ৰধান ৰাজ্য অসমত অৰ্থনীতিৰ মেৰুদণ্ড স্বৰূপ এই সাৰ উদোগটো যদি কিবা কাৰণত কাগজকলৰ দৰে বন্ধ হ'ব লগা হয় তেন্তে সমগ্ৰ ৰাজ্যৰ অৰ্থনীতি ভাঙি পৰিব বুলি মন্তব্য কৰি সৰৱ হৈ পৰিছে ছাত্ৰ সন্থাৰ কৰ্মী সকল ৷
2006 চনৰ 26 জুনত এগাৰকী কেন্দ্ৰীয় মন্ত্ৰীয়ে কৰা ঘোষণা বৰ্তমান প্ৰহসনলৈ ৰূপান্তৰ হোৱাত শনিবাৰে সাৰকাৰখানাৰ মুখ্য প্ৰৱেশদ্বাৰৰ সন্মুখত 15 বছৰীয়া প্ৰৱঞ্চনা দিৱস পালন কৰে নামৰূপ আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়ববীয়া সকলে ৷
লগতে পঢ়কঃ ক'ভিড সম্পৰ্কীয় নতুন নীতি-নিৰ্দেশনা জাৰি...