ETV Bharat / state

কিদৰে প্ৰেমৰ জালত পেলাই বহিঃ ৰাজ্যত বিক্ৰী কৰা হয় অসমীয়া কিশোৰী ? - NGO

শেহতীয়া কেইটামান বছৰত নিখোজ হৈছে ৰাজ্যৰ বহু নাৰী ৷ মানৱ সৰবৰাহকাৰী চক্ৰটোৰ টাৰ্গেতত পৰি এইদৰেই নিখোজ হৈছে বহু যুৱতী, কিশোৰী আনকি বিবাহিত মহিলা । এইদৰেই নিখোজ হৈছিল বিলাসীপাৰাৰ এগৰাকী কিশোৰী ৷ দিল্লীত লৈ গৈ ভণ্ড প্ৰেমিকে কিশোৰী গৰাকীক বিক্ৰী কৰি দিছিল এগৰাকী ৰাজস্থানী লোকৰ হাতত । জানো আহক ইয়াৰ পিছত কি হ’ল যুৱতী গৰাকীৰ ৷

women-trafficking-case-in-dhuburi
কিদৰে প্ৰেমৰ জালত পেলাই বহিঃৰাজ্যত বিক্ৰী কৰা হয় অসমীয়া কিশোৰী ?
author img

By

Published : Sep 25, 2021, 4:15 PM IST

পূৱ বিলাসীপাৰা, 25 ছেপ্টেম্বৰ : ৰাজ্যত বৰ্তমানেও বৃহৎ নাৰী সৰবৰাহকাৰী চক্ৰৰ কাৰ্য-কলাপ অব্যাহত আছে । প্ৰথমে চা-চিনাকি, তাৰ পিছত প্ৰেম আৰু পিছত প্ৰেমিকাক লৈ বহিঃ ৰাজ্যলৈ পলায়ণ আৰু অৱশেষত বিক্ৰী । এইয়া এতিয়া এটা চিনাকি বাতৰি ৷ শেহতীয়া কেইটামান বছৰত এইদৰেই নিখোজ হৈছে ৰাজ্যৰ বহু নাৰী ৷ মানৱ সৰবৰাহকাৰী চক্ৰটোৰ টাৰ্গেতত পৰিছে ৰাজ্যৰ বহু যুৱতী, কিশোৰী আনকি বিবাহিত মহিলা ।

ৰাজ্যৰ আন প্ৰান্তৰ লগতে বিলাসীপাৰাতো মানৱ সৰবৰাহকাৰীৰ ভয়ঙ্কৰ জাল সম্প্ৰতি উন্মোচিত হৈছে । বৰ্তমানৰ পৰা ২ বছৰ পূৰ্বে বিলাসীপাৰাৰ নায়েৰ আলগাৰ এগৰাকী কিশোৰীৰ সৈতে প্ৰেমৰ সম্পৰ্ক কৰিছিল মানৱ সৰবৰাহকাৰী চক্ৰটোৰ এগৰাকী সদস্যই । ইয়াৰ পিছত বিবাহৰ ছলনাৰে কিশোৰী গৰাকীক পলুৱাই লৈ যোৱা হৈছিল দিল্লীলৈ ।

কিদৰে প্ৰেমৰ জালত পেলাই বহিঃৰাজ্যত বিক্ৰী কৰা হয় অসমীয়া কিশোৰী ?

দিল্লীত লৈ গৈ ভণ্ড প্ৰেমিকে কিশোৰী গৰাকীক বিক্ৰী কৰি দিছিল এগৰাকী ৰাজস্থানীলোকৰ হাতত । ইফালে, যুৱতী গৰাকী নিখোজ হোৱাৰ পিছত পৰিয়ালৰ লোকে বিলাসীপাৰা থানাত এই সম্পৰ্কত এটা গোচৰ ৰুজু কৰিছিল ।

অৱশেষত, এন্টিকৰাপশন এণ্ড ক্ৰাইম কন্ট্ৰোল নামৰ এটা NGO ৰ সহযোগত নয়াহাট আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া মনোজ তিৱাৰীয়ে ৰাজস্থানৰ বাইতুল নামৰ ঠাইৰ পৰা অভিযান চলাই কিশোৰীগৰাকীক উদ্ধাৰ কৰে ৷ সম্প্ৰতি বিলাসীপাৰা আৰক্ষী থানালৈ লৈ অনা হৈছে যুৱতী গৰাকীক । আনহাতে, ভুক্তভোগী যুৱতী গৰাকী এতিয়া এটা সন্তানৰ মাতৃ হোৱা বুলিও আৰক্ষীয়ে অৱগত কৰিছে ৷

লগতে পঢ়ক : মাটিৰ সমস্যা সমাধানৰ বাবে ৰাজ্য চৰকাৰৰ ‘মিছন বসুন্ধৰা’

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.