ETV Bharat / state

ফলিমাৰীত মহিলাৰ ওপৰত অত্যাচাৰ চলোৱাৰ অভিযোগ আৰক্ষীৰ বিৰুদ্ধে ! - মহিলাৰ ওপৰত শাৰিৰীক নিৰ্যাতন

পূৱ বিলাসীপাৰাৰ চাপৰৰ ফলিমাৰীত অপৰাধীক গ্ৰেপ্তাৰৰ নামত মহিলাৰ ওপৰত অত্যাচাৰ অভিযোগ ৷ চাপৰৰ ফলিমাৰীত যোৱা ২৭ মাৰ্চত একাংশ উদণ্ড লোকে কৰ্তব্যৰত আৰক্ষীক আক্ৰমণ কৰিছিল । সেই ঘটনাৰ অপৰাধীক বিচাৰি অভিযান চলাইছিল আৰক্ষীয়ে ৷

women tortured by police
women tortured by police
author img

By

Published : Mar 30, 2020, 8:09 PM IST

পূৱ বিলাসীপাৰা, 30 মাৰ্চ : পূৱ বিলাসীপাৰাৰ চাপৰ থানাৰ অন্তৰ্গত ফলিমাৰীত আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ বিৰুদ্ধে অমানৱীয় কাৰ্য সংঘটিত কৰাৰ অভিযোগ । অপৰাধীক গ্ৰেপ্তাৰৰ নামত মহিলাৰ ওপৰত শাৰিৰীক নিৰ্যাতন চলোৱাৰ অভিযোগ আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ বিৰুদ্ধে । অভিযোগ অনুসৰি পুৱতি নিশা ফলিমাৰী অঞ্চলত উপস্থিত হৈ অসম আৰক্ষীৰ লগতে অৰ্ধসামৰিক বাহিনীৰ জোৱানে ঘৰৰ পৰা মহিলা সকলক উলিয়াই মাৰপিট কৰে । ফলত চাৰিগৰাকীকৈ মহিলা গুৰুতৰভাৱে আহত হয় । আহত মহিলা চাৰিগৰাকীক ততালিকে চাপৰ প্ৰাথমিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ।

ফলিমাৰীত মহিলাৰ ওপৰত অত্যাচাৰ চলোৱাৰ অভিযোগ আৰক্ষীৰ বিৰুদ্ধে !
উল্লেখ্য যে, চাপৰৰ ফলিমাৰীত যোৱা ২৭ মাৰ্চত একাংশ উদণ্ড লোকে আক্ৰমণ কৰিছিল কৰ্তব্যৰত আৰক্ষীক । তাৰ পিচতে আক্রমণকাৰীক আটক কৰিবলৈ নিশাৰ ভাগত আৰক্ষীয়ে অভিযান চলায় অঞ্চলটোত । সোমবাৰে পুৱতি নিশা আৰক্ষীৰ লগতে অৰ্ধসামৰিক বাহিনীৰ জোৱানে অভিযান চলোৱাৰ নামত এই সকল মহিলাৰ ওপৰত শাৰীৰিক অত্যাচাৰ চলোৱাৰ অভিযোগ তুলিছে স্থানীয় লোকে ৷ দোষীক কৰায়ত্ত কৰাৰ নামত নীৰিহ জনসাধাৰণৰ ওপৰত কিয় চলোৱা হ'ল এই নিৰ্যাতন আৰু মহিলা আৰক্ষী নোহোৱাকৈ পুৰুষে এই সকল মহিলাৰ গাত কেনেদৰে হাত দিলে বুলি প্ৰশ্ন তুলিছে স্থানীয় ৰাইজে ৷ ৰাইজৰ দাবী প্ৰশাসনে নীৰিহ ৰাইজৰ ওপৰত অত্যাচাৰ বন্ধ কৰি দোষীক কৰায়ত্ত কৰিব লাগে ।

লগতে পঢ়ক : পথাৰত গেলিছে শস্য : চকুলোৰে বাট নেদেখা হৈছে কৃষকে !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.