পূৱ বিলাসীপাৰা, ১৩ ছেপ্টেম্বৰঃ পূৱ বিলাসীপাৰাৰ চাপৰ অঞ্চলত দীৰ্ঘদিনৰ পৰা চলি আছিল অবৈধ সুৰাৰ বিয়াগোম ব্যৱসায় । সুৰাব্যৱসায়ী সকলৰ ওপৰত হঠাৎ চকু পৰিল ধুবুৰী আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ ।
দেওবাৰে নিশা আৰক্ষী অধীক্ষক মিশ্ৰই চাপৰ নগৰৰ কেবাঠাইতো আকস্মিক ভাবে অভিযান চলাই তিনি লক্ষাধিক টকাৰ বিলাতী সুৰা জব্দ কৰাৰ লগতে জিবু ৰায় নামৰ এজন সুৰা ব্যৱসায়ীক আটক কৰিবলৈ সক্ষময় হয় ৷ সম্প্ৰতি আৰক্ষী অধীক্ষক গৰাকীৰ এনে পদক্ষেপক সকলোৱে শলাগ লোৱা পৰিলক্ষিত হৈছে ৷
লগতে পঢ়কঃ নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে ধুবুৰী আৰক্ষী অধীক্ষকৰ সজাগতা সভা