ধুবুৰী, 20 মে’: ক'ৰণা ভাইৰাছ প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত মানকাচৰৰ আত্ম সহায়ক গোটৰ প্ৰশংসনীয় পদক্ষেপ । ধুবুৰী জিলাৰ মানকাচৰৰ গাওঁ অঞ্চলসমূহত মাস্ক বিক্ৰীৰ কেন্দ্ৰ মুকলি কৰি ৰেহাই মূল্যত মাস্ক বিক্ৰী কৰিছে আত্ম সহায়ক গোটে ৷ মানকাচৰ উন্নয়ন খণ্ডৰ অধীনস্থ 'চ'ছিয়েল ডেভলপমেণ্ট জীৱিকা সখী' আত্ম সহায়ক গোটৰ উদ্যোক্তা নুৰানী বেগম আৰু 'বেংক সখী'ৰ উদ্যোক্তা জান্নাতুল মোস্তফাৰ উদ্যোগত মানকাচৰৰ ভাৰত-বাংলাদেশ সীমান্তৱৰ্তী কাকৰীপাৰাত সৰ্বসাধাৰণ ৰাইজৰ মাজত ৰেহাই মূল্যত মুকলি কৰিছে মাস্ক বিক্ৰী কেন্দ্ৰ ।
ইতিমধ্যে শতাধিক আত্ম সহায়ক গোটৰ আৰ্থিক অনুদানেৰে 8 হাজাৰ মাস্ক বনোৱা হৈছে আৰু কম মূল্যত বিক্ৰী কৰি সকলোৰে প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে গোট দুটাই ।