ETV Bharat / state

বিলাসীপাৰাত 5 শতাধিক CPI কৰ্মীৰ যোগদান AIUDFত - চিপিআই

ৰাজ্যত 21ৰ নিৰ্বাচনৰ প্ৰাকমূহুৰ্তত আৰম্ভ হৈছে নিৰ্বাচনী কুচকাৱাজ ৷ আজি 5 শতাধিক চিপিআই কৰ্মীয়ে যোগদান কৰে এ আই ইউ ডিএফত ৷ পশ্চিম বিলাসীপাৰাত অনুষ্ঠিত হোৱা এখন সভাত যোগদান কৰে কৰ্মীসকলে ৷

বিলাসীপাৰাত 5 শতাধিক CPI কৰ্মীৰ যোগদান AIUDF ত

author img

By

Published : Jan 28, 2021, 1:12 PM IST

পশ্চিম বিলাসীপাৰা,28 জানুৱাৰী: ৰাজ্যত সমাগত ২১ৰ বিধানসভা নিৰ্বাচন । নিৰ্বাচনৰ বাবে মাজত মাত্ৰ কেইটা মাহ বাকি । ২১ৰ বিধানসভা নিৰ্বাচনক লৈ ৰাজ্যত এতিয়া ৰাজনৈতিক দল সমূহৰ মাজত আৰম্ভ হৈছে ব্যাপক তৎপৰতা,আৰম্ভ হৈছে দল-ত্যাগৰ প্ৰতিযোগিতাও ।

বিলাসীপাৰাত 5 শতাধিক CPI কৰ্মীৰ যোগদান AIUDF ত

নিৰ্বাচনৰ প্ৰাকমুহুৰ্তত বৃহস্পতিবাৰে ২৬নং পশ্চিম বিলাসীপাৰা বিধানসভা সমষ্টিত ৫ শতাধিক চিপিআই দলৰ নেতা-কৰ্মীয়ে আনুষ্ঠানিক ভাৱে এআইইউডিএফ দলত যোগদান কৰে। সমষ্টিটোৰ বৰকান্দা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কাষেৰে যোৱা ৩১নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা বোৱালকামুৰী লৈ যোৱা গড়কাপ্তানী পথটোও পুনৰ নিৰ্মাণৰ বাবে আধাৰশিলা স্থাপন কৰা হয় ৷ আধাৰশিলা স্থাপন কৰে স্থানীয় বিধায়ক হাফিজ বছিৰ আহমেদে ।

ইয়াৰ পিছতে বোৱালকামুৰিত অনুষ্ঠিত হোৱা এখন সভাত চিপিআই দলৰ পৰা পাঁচ শতাধিক পুৰুষ-মহিলাই এআইইউডিএফ দলত যোগদান কৰে । অসম বিধানসভাৰ শ্ৰেষ্ঠ বিধায়কৰ সন্মান লাভ কৰা বিধায়ক হাফিজ বছিৰ আহমেদৰ কৰ্মৰাজিত তথা এ আই ইউ ডি এফ দলৰ নীতি আদৰ্শত অনুপ্ৰাণিত হৈ চিপিআই দলৰ জ্যেষ্ঠ নেতা-কৰ্মী সকলে আজি এআইইউডিএফ দলত যোগদান কৰা বুলি সদৰি কৰে যোগদান কৰা কৰ্মী সকলে । দলৰ প্ৰশাসনিক সাধাৰণ সম্পাদক তথা বিধায়ক বছিৰ আহমেদে নতুনকৈ দলত যোগদান কৰা লোক সকলক ফুলাম গামোচাৰে আদৰণি জনায় ৷

অন্য এক খবৰৰ বাবে: উত্তৰ প্ৰদেশত গ্ৰেপ্তাৰ চীনা নাগৰিক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.