ETV Bharat / state

West Bengal Panchayat Election Violence: গৃহৰাজ্য এৰি অসমত আশ্ৰয় বিজেপিৰ নিৰ্বাচিত প্ৰতিনিধিৰ - নিৰ্বাচনী হিংসা

পশ্চিমবংগৰ নিৰ্বাচনী হিংসা ৷ ধুবুৰীত আত্মগোপন কৰি আছে বিজেপি দলৰ কেইবাগৰাকী বিজয়ী প্ৰাৰ্থীৰ লগতে ভোটাৰ ৷ গুণ্ডা বাহিনীয়ে ভয়ংকৰ ঘটনা সংঘটিত কৰাৰ আশংকাত তেওঁলোকে গৃহৰাজ্য এৰি আত্মগোপন কৰি আছে অসমত ৷

West Bengal BJP rural poll winners flee to Assam
পশ্চিম বংগত অব্যাহত আছে নিৰ্বাচনী হিংসা
author img

By

Published : Jul 13, 2023, 7:10 AM IST

পশ্চিম বংগত নিৰ্বাচনী হিংসা

ধুবুৰী, 13 জুলাই: পশ্চিম বংগত অব্যাহত আছে নিৰ্বাচনী হিংসা, আতংকময় পৰিস্থিতিৰ ৷ ঘৰ এৰি পলায়ন পশ্চিম বংগৰ হেজাৰ হেজাৰ লোকৰ ৷ ধুবুৰীত আত্মগোপন কৰি আছে বংগৰ শতাধিক ভোটাৰ ৷ ধুবুৰীত আত্মগোপন কৰি আছে বিজেপি দলৰ কেইবাগৰাকী বিজয়ী প্ৰাৰ্থীয়ে ৷

পশ্চিম বংগত এতিয়া আতংকময় পৰিস্থিতি ৷ শনিবাৰে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হৈ যায় পশ্চিম বংগত ৷ হত্যা, হিংসাত্মক পৰিৱেশৰ মাজেৰে সম্পন্ন হয় নিৰ্বাচন ৷ কিন্তু নিৰ্বাচন সম্পন্ন হ’লেও বৰ্তমানেও শাম কটা নাই নিৰ্বাচন কেন্দ্ৰিক আতংকময় পৰিৱেশৰ ৷ নিৰ্বাচনী হিংসাৰ বলি হৈ প্ৰাণৰ ভয়ত পশ্চিম বংগৰ কোচবিহাৰ জিলাৰ বিভিন্ন পঞ্চায়তৰ পৰা শতাধিক ভোটাৰসহ পৰিয়ালৰ লোক পলায়ন কৰিছে অসমলৈ ৷ অসম-বংগ সীমান্তৰ ধুবুৰী জিলাৰ বিভিন্ন অঞ্চলত আত্মগোপন কৰি আছে দিদিৰ পশ্চিম বংগৰ ভোটাৰ সহ কেইবাজনো বিৰোধী দলৰ প্ৰাৰ্থীয়ে ৷

ইয়াৰ ভিতৰত ধুবুৰীত আত্মগোপন কৰি আছে বিজেপি দলৰ মুঠ 13 গৰাকী প্ৰাৰ্থী ৷ ইয়াৰে কোচবিহাৰৰ চিলাখানা-2 গাঁও পঞ্চায়তৰ 5 জন আৰু বলৰামপুৰ-2 গাঁও পঞ্চায়তৰ 4 জনক লৈ মুঠ 9 জন বিজেপিৰ বিজয়ী প্ৰাৰ্থী আছে ৷ বিভিন্ন ঘাত-প্ৰতিঘাতৰ মাজেৰে নিৰ্বাচনত জয়লাভ কৰিলেও এতিয়া নিজৰ পৰিয়াল লৈ ঘৰত থাকিব পৰা নাই বিজেপি দলৰ এই সকল বিজয়ী প্ৰাৰ্থী ৷ যিকোনো মুহূৰ্তত গুণ্ডা বাহিনীয়ে ভয়ংকৰ ঘটনা সংঘটিত কৰিব পাৰে বুলি আশংকা কৰি প্ৰাণৰ মমতাত গৃহৰাজ্য এৰি আত্মগোপন কৰি আছে অসমত ৷

ইফালে অসম-বংগ সীমান্তৰ ধুবুৰীৰ ৰণপাগলী অঞ্চলত ধুবুৰী জিলা প্ৰশাসনে স্থাপন কৰা শৰণাৰ্থী শিৱিৰত এতিয়াও আশ্ৰয় গ্ৰহণ কৰি আছে ডেৰ শতাধিক ভোটাৰে ৷ মুঠৰ ওপৰত নিৰ্বাচন আৰু ভোট গণনা শেষ হ’লেও আতংক অব্যাহত আছে পশ্চিম বংগত ৷ নিৰ্বাচনত জয়লাভ কৰি ধুবুৰীত আশ্ৰয় লৈ থকা বিজেপি দলৰ নিৰ্বাচিত পঞ্চায়ত সদস্য-সদস্যাই সাংবাদিকৰ আগত প্ৰকাশ কৰিলে নিৰ্বাচনী হিংসাৰ কথা ৷ লগতে ৰাজ্যখনত 47 জন লোকক হত্যা কৰা হৈছে বুলি কৈ গণতন্ত্ৰক হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে পশ্চিম বংগত ৷ আনকি পশ্চিম বংগ চৰকাৰ, প্ৰশাসন আৰু নিৰ্বাচনী বিষয়াও মুখ্যমন্ত্ৰীৰ কথা মতেই TMC ৰ পক্ষত কাম কৰি অহাৰ গুৰুতৰ অভিযোগ বংগৰ এই সকল নিৰ্বাচিত প্ৰতিনিধিৰ ৷

বুধবাৰে ধুবুৰী জিলা বিজেপিৰ তৰফৰ পৰা এখন সংবাদমেলৰ আয়োজন কৰি পশ্চিম বংগ চৰকাৰক সমালোচনা কৰি ৰাজ্যখনত গণতন্ত্ৰক হত্যা কৰা হৈছে বুলি অভিযোগ উত্থাপন কৰে ৷ শীঘ্ৰেই পশ্চিম বংগত ৰাষ্ট্ৰপতি শাসন বলবৎ কৰাৰ লগতে মুখ্যমন্ত্ৰীক গ্ৰেপ্তাৰৰ দাবী উত্থাপন কৰে নিৰ্বাচিত বিজেপিৰ প্ৰতিনিধি সকলে ৷

লগতে পঢ়ক: WB Panchayat Polls Results : ভোটগণনাত তৃণমূলৰ বিৰুদ্ধে ৰিগিঙৰ অভিযোগ; প্ৰতিবাদত বিজেপিৰ ৰাজ্যিক সভাপতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.