ETV Bharat / state

West Bengal Panchayat Election Violence: অব্যাহত আছে নিৰ্বাচনী হিংসা; অসমত আশ্ৰয় পশ্চিমবংগৰ বিজেপিৰ নিৰ্বাচিত প্ৰতিনিধিৰ

author img

By

Published : Jul 16, 2023, 7:32 AM IST

Updated : Jul 16, 2023, 7:45 AM IST

পশ্চিমবংগত অব্যাহত আছে নিৰ্বাচনী হিংসা আৰু আতংক ৷ ধুবুৰীত যোৱা দুদিনে আত্মগোপন শতাধিক বিজেপিৰ বিজয়ী প্ৰতিনিধিসহ বহু লোকৰ ৷

Bengal BJP Rural Poll Candidates Flee To Assam
ধুবুৰীত আত্মগোপন শতাধিক বিজেপিৰ বিজয়ী প্ৰতিনিধিসহ বহু লোকৰ
পশ্চিমবংগত অব্যাহত আছে পঞ্চায়ত নিৰ্বাচনকেন্দ্ৰীক হিংসা

ধুবুৰী, 16 জুলাই : নিৰ্বাচন আৰু ভোট গণনা সম্পন্ন হোৱাৰ পিছতো চুবুৰীয়া ৰাজ্য পশ্চিমবংগত পঞ্চায়ত নিৰ্বাচন কেন্দ্ৰিক হিংসা তথা বিভিন্ন ভয়-ভাবুকিৰ এক অস্থিৰতা এতিয়াও অব্যাহত আছে ৷ বিভিন্ন ভয়-ভাবুকিৰ সন্মুখীন হৈ ৰাজ্যখনৰ কোচবিহাৰ জিলাৰ পৰা বিজেপি দলৰ শতাধিক বিজয়ী গাওঁ পঞ্চায়তৰ সদস্য-সদস্যাকে ধৰি দলীয় কাৰ্যকৰ্তাৰ একাংশই ধুবুৰীৰ বিভিন্ন মঠ-মন্দিৰত আশ্ৰয় গ্ৰহণ কৰি থকা পৰিলক্ষিত হৈছে ৷

জানিব পৰা মতে, শুকুৰবাৰে নিশা পশ্চিমবংগৰ কোচবিহাৰ লোকসভা সমষ্টিৰ অন্তৰ্গত কেইবাটাও গাওঁ পঞ্চায়তৰ পৰা জয়লাভ কৰা বিজেপি দলৰ প্ৰায় শতাধিক পঞ্চায়ত সদস্য-সদস্যাকে ধৰি প্ৰায় ডেৰ শতাধিকৰ অধিক লোক উপস্থিত হৈছে ধুবুৰীত ৷ ধুবুৰী জিলা বিজেপি আৰু ভাৰতীয় জনতা যুৱ মৰ্চাৰ স্থানীয় কৰ্ম-কৰ্তাসকলৰ তৎপৰতাত পশ্চিমবংগৰ পৰা অহা এই লোকসকলক নিশাই ধুবুৰীৰ ঐতিহ্যমণ্ডিত কালিবাৰী আৰু তেৰাপন্থ ভৱনত থকা-খোৱাৰ যাৱতীয় ব্যৱস্থা কৰা হয় ৷ সমগ্ৰ বিষয়টো লৈ বিজেপিৰ ধুবুৰী অথৱা পশ্চিমবংগৰ কোচবিহাৰ জিলা বিজেপিৰ নেত়ৃত্বই বৰ্তমানলৈ সংবাদ মাধ্যমৰ সন্মুখত কোনো ধৰণৰ মন্তব্য প্ৰকাশ কৰাৰ পৰা বিৰত আছে ৷

অৱশ্যে নিজৰ পৰিচয় ৰাজহুৱা নকৰাৰ চৰ্তত কোচবিহাৰ এগৰাকী শীৰ্ষ পৰ্যায়ৰ বিজেপি নেতা তথা বিধায়কে ধুবুৰীৰ স্থানীয় সাংবাদিকৰ এটি দলৰ সন্মুখত কেতবোৰ চাঞ্চল্যকৰ অভিযোগ উত্থাপন কৰে ৷ সাংবাদিকৰে হোৱা কথা-বতৰাত সদ্য সমাপ্ত পঞ্চায়ত নিৰ্বাচনত কোচবিহাৰ জিলাৰ বিভিন্ন গাওঁ পঞ্চায়তত বিজয়ী হৈ অহা বিজেপি দলৰ সদস্যসকলক লৈ তৃণমূল কংগ্ৰেছে আৰক্ষী তথা প্ৰশাসনৰ জৰিয়তে হৰ্চ ট্ৰেডিংত নামি পৰাৰ অভিযোগ কৰে তেওঁ ৷ তাৰেই পৰিপ্ৰেক্ষিতত, বিজেপিয়ে সংখ্যা গৰিষ্ঠতা লাভ কৰা কেইখনমান পঞ্চায়তৰ পৰা বিজয়ী হৈ অহা দলীয় পঞ্চায়ত সদস্য কেইগৰাকীক ধুবুৰীত ৰখা হোৱা বুলিও উল্লেখ কৰে বিজেপি নেতাগৰাকীয়ে ৷ আনহাতে সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত বিজেপিয়ে হৰ্চ ট্ৰেডিংত বিশ্বাস নকৰে বুলি দাবী কৰাৰ সমান্তৰালকৈ তৃণমূল অথবা অইন কোনো দলৰ নিৰ্বাচিত গাওঁ পঞ্চায়ত সদস্যই বিজেপিত যোগদান কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিলে বিজেপিৰ দলীয় পতাকা হাতত প্ৰদান কৰি সেই স্থানতে বিজেপিত যোগদান কৰোৱা হ'ব বুলি এক তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে বিজেপিৰ বিধায়ক গৰাকীয়ে ৷

ইপিনে কোচবিহাৰ জিলা আৰক্ষীয়ে ধুবুৰীত আত্মগোপন কৰি থকা বিজেপি নেতা আৰু নিৰ্বাচিত প্ৰতিনিধি সকলৰ সৈতে যোগাযোগ কৰি গৃহৰাজ্যলৈ উভতি যাবলৈ পৰামৰ্শ দিয়া বুলি উল্লেখ কৰি কোচবিহাৰ জিলা আৰক্ষীৰ ওপৰত আস্থা আৰু বিশ্বাস নাই বুলি মন্তব্য কৰে পশ্চিম বংগৰ বিজেপি বিধায়ক গৰাকীয়ে ৷

লগতে পঢ়ক : Constituency delimitation: নিৰ্বাচন আয়োগৰ শুনানিলৈ সকলো আঞ্চলিক দল আৰু জাতীয় সংগঠনক আমন্ত্রণ জনোৱাৰ দাবী ৰাইজৰ দলৰ

Last Updated : Jul 16, 2023, 7:45 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.