ধুবুৰী,17 মাৰ্চ: ধুবুৰীৰ বিলাসীপাৰাৰ ৰাণীগঞ্জ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত উত্তপ্ত পৰিস্থিতি । শিল গুটি নিক্ষেপ কৰি স্বাস্থ্য কেন্দ্ৰৰ দুৱাৰ-খিড়িকীৰ আইনা ভাঙি চুড়মাৰ কৰে উত্তেজিত ৰাইজে । জৰুৰীকালীন সময়ত চিকিৎসা সেৱা নোপোৱাৰ বাবেই এই উত্তপ্ত পৰিস্থিতি ।
বিলাসীপাৰাৰ ৰাণীগঞ্জ মনিপুৰত দেওবাৰে হেল নৈৰ গভীৰ সোঁতত উটি যায় দুগৰাকী ছাত্ৰী । জানিব পৰা মতে, নদীত সমনীয়াৰ সৈতে গা ধুই থকা অৱস্থাত সংঘটিত হয় এই শোকাৱাহ ঘটনা । পাচত তৎপৰতাৰে ছাত্ৰী দুগৰাকীক মুমূৰ্ষু অৱস্থাত উদ্ধাৰ কৰি ৰাণীগঞ্জ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ নিয়ে স্থানীয় ৰাইজে । কিন্তু চিকিৎসালয়খনত এজন হোমিও চিকিৎসক আৰু নাৰ্চৰ বাহিৰে নাছিল আন এজনো চিকিৎসক তথা এম্বুলেন্স । ফলত মুমূৰ্ষু অৱস্থাত থকা ছাত্ৰী দুগৰাকীক লৈ বিপাঙত পৰে পৰিয়ালৰ লগতে ৰাইজ । তাৰ পাচতে ক্ৰমাৎ উত্তপ্ত হৈ পৰে পৰিস্থিতি আৰু উত্তেজিত ৰাইজে ভাঙি চূড়মাৰ কৰে ৰাণীগঞ্জ স্বাস্থ্য কেন্দ্ৰ ।
উল্লেখ্য যে, ছাত্ৰী দুগৰাকী ক্ৰমে মনিপুৰ গাঁৱৰ আবুল হুছেইনৰ 14 বছৰীয়া কণ্যা তথা সোনালুগুৰী হাই মাদ্ৰাছাৰ দশম শ্ৰেণীৰ ছাত্ৰী আফৰুজা বেগম আৰু বেলটাৰী গাঁৱৰ বাবলু হুছেইনৰ কন্যা তথা গুৱাহাটীৰ এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ সপ্তম শ্ৰেণীৰ ছাত্ৰী চানমনি খাতুন । পৰবৰ্তী সময়ত স্থানীয় ৰাইজৰ তৎপৰতাত ছাত্ৰী দুগৰাকীক বিলাসীপাৰা চিকিৎসালয় লৈ প্ৰেৰণ কৰা হয় । ঘটনাস্থলীত আৰক্ষী আৰু চি আৰ পি এফ মোতায়েন কৰা হয় যদিও বিলাসীপাৰা চক্ৰ বিষয়া, মহকুমা আৰক্ষী বিষয়া ঘটনাস্থলীত উপস্থিত হৈ ৰাইজক বিভিন্ন আশ্বাস প্ৰদান কৰাতহে শান্ত হয় পৰিস্থিতি ।