ETV Bharat / state

বিলাসীপাৰাত বজ্ৰ পৰি দুই কিশোৰৰ মৃত্যু

author img

By

Published : Jun 6, 2021, 9:04 AM IST

বিলাসীপাৰাৰ কাঠালদি প্ৰথম খণ্ড গাঁৱত বজ্ৰ পৰি মৃত্যু হয় নৱম শ্ৰেণীৰ দুজন ছাত্ৰৰ ৷ মৃত ছাত্ৰদ্বয় ক্ৰমে ছামিউল ইছলাম মণ্ডল আৰু লোকমান আলী মণ্ডল ৷

বিলাসীপাৰাত বজ্ৰ পৰি মৃত্যু দুই ছাত্ৰৰ
বিলাসীপাৰাত বজ্ৰ পৰি মৃত্যু দুই ছাত্ৰৰ

পশ্চিম বিলাসীপাৰা,6 জুন: শনিবাৰে বিলাসীপাৰাৰ কাঠালদি প্ৰথম খণ্ড গাঁৱত সংঘটিত হৈছে এক শোকাৱহ ঘটনা ৷ বজ্ৰ পৰি মৃত্যু ঘটিছে নৱম শ্ৰেণীৰ দুই ছাত্ৰৰ ৷ জানিব পৰা মতে, মৃত দুই ছাত্ৰ ক্ৰমে কাঠালদি তৃতীয় খণ্ড গাঁৱৰ ছামিউল ইছলাম মণ্ডল আৰু কাঠালদি প্ৰথম খণ্ড গাঁৱৰ লোকমান আলী মণ্ডল ৷

ঘটনাৰ বিৱৰণী অনুসৰি, কিনকিনিয়া বৰষুণ দি থকাৰ সময়তে নৱম শ্ৰেণীৰ দুই ছাত্ৰই পথাৰৰ পৰা গৰু আনিবলৈ গৈছিল ৷ তেনে অৱস্থাতে বজ্ৰপাতত মৃত্যুক সাৱতি ল’বলগীয়া হয় দুই কিশোৰে ৷ ছাত্ৰ দুজনৰ লগতে এটা পশুধনৰো বজ্ৰপাতত মৃত্যু ঘটে ৷ এই ঘটনাই অঞ্চলটোত শোকৰ ছাঁ পেলাইছে ৷

লগতে পঢ়ক: শিলঘাটত প্ৰায় 4 ফুট দৈৰ্ঘৰ অজগৰ উদ্ধাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.