বিলাসীপাৰা,19 জুন : বিলাসীপাৰাত বানত মৃত্যু দুগৰাকীকৈ ছাত্ৰীৰ | পৃথকে পৃথকে সংঘটিত ঘটনা দুটাত মৃত্যু মুখত পৰে ছাত্ৰী দুগৰাকী | শেহতীয়াকৈ বিলাসীপাৰাতো বান পৰিস্থিতি সামান্য উন্নত হৈ আছে যদিও ঠায়ে ঠায়ে জলমগ্ন হৈ আছে বহু অঞ্চল | তেনে সময়তে বিলাসীপাৰাত সংঘটিত হৈছে দুটাকৈ শোকাৱহ ঘটনা ৷
প্ৰথমটো ঘটনা সংঘটিত হৈছে বিলাসীপাৰাৰ মায়াৰচৰ ষষ্ঠ খণ্ড গাঁৱত | গাঁও খনত বিধ্বংসী ৰূপ ধাৰণ কৰা ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীত পৰি মৃত্যু হয় মমেনা খাতুন নামৰ চতুৰ্থ শ্ৰেণীৰ গৰাকীৰ | গাঁওখনৰ কাদেৰ আলীৰ কন্যা মমেনা খাতুন অকস্মাৎ নদীখনৰ বাঢ়নী পানীত পৰি যায় | পৰিয়ালৰ লগতে স্থানীয় লোকে তৎপৰতাৰে উদ্ধাৰ অভিযান চলায় ছাত্ৰী গৰাকীক মৃত অৱস্থাত উদ্ধাৰ কৰে | আনহাতে দ্বিতীয়টো ঘটনা সংঘটিত হয় সাধুভাষা ১ম খণ্ড গাঁৱত | গাঁও খনৰ কাষেৰে বৈ যোৱা টিপকাই নৈৰ বাঢ়নী পানীৰ সোঁতত পৰি মৃত্যু হয় মাছুমা পাৰভীনৰ (6) | ছাত্ৰী গৰাকী চুবুৰীয়া এঘৰলৈ যোৱাৰ সময়তে উটি যায় টিপকাই নৈৰ প্ৰৱল সোঁতত | ৰাইজে উদ্ধাৰ অভিযান চলাই মৃত অৱস্থাত উদ্ধাৰ কৰে ছাত্ৰী গৰাকীক | পৰৱৰ্তী সময়ত দুয়োটা মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে আৰক্ষীয়ে |