ETV Bharat / state

গোলকগঞ্জত দুৰ্ঘটনাগ্ৰস্ত বৰযাত্ৰীৰ বাহন; নিহত দুজন - ধুবুৰী অসামৰিক চিকিৎসালয়

গোলকগঞ্জত বিবাহযাত্ৰীৰ বাহন আৰু শিল কঢ়িওৱা ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষ ৷ এই দুৰ্ঘটনাৰ ফলত থিতাতে নিহত হয় দুজনকৈ বিবাহযাত্ৰী । আনহাতে গুৰুতৰভাৱে আহত হয় 13 জন বৰযাত্ৰী ।

আগমনিৰ পথ দুৰ্ঘটনাত নিহত দুজন বৰযাত্ৰী
আগমনিৰ পথ দুৰ্ঘটনাত নিহত দুজন বৰযাত্ৰী
author img

By

Published : Apr 24, 2021, 1:43 PM IST

গোলকগঞ্জ,24 এপ্ৰিল: শনিবাৰে পুৱতি নিশা গোলকগঞ্জৰ মইশাৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা ৷ এখন বিবাহযাত্ৰীৰ বাহন আৰু শিল কঢ়িওৱা ট্ৰাকৰ মাজত সংঘটিত মুখামুখি সংঘৰ্ষৰ ফলত সংঘটিত হয় দুৰ্ঘটনাটো ৷ এই দুৰ্ঘটনাত থিতাতে নিহত হয় দুজনকৈ বিবাহযাত্ৰী । আনহাতে গুৰুতৰভাৱে আহত হয় 13 জন বৰযাত্ৰী ।

প্ৰাপ্ত তথ্য অনুসৰি, ছেৰফাংগুৰীৰ কলবাৰীৰ হৰি প্ৰসাদ ৰায়ৰ সৈতে গোলকগঞ্জৰ জিনকাটাৰ দীপিকা ৰায়ৰ শুকুৰবাৰে নিশা বিবাহ সম্পন্ন হয় । পুৱতি নিশা বৰযাত্ৰীৰ বাহনখন উভতাৰ পথতে সংঘটিত হয় এই দুৰ্ঘটনা ৷ এই দুৰ্ঘটনাত নিহত হয় কোকৰাঝাৰ জিলাৰ কলবাৰীৰ পংকজ ৰায় আৰু গোলকগঞ্জৰ বিছনদৈৰ সনজিৎ ৰায় ৷ প্ৰায় 50 গৰাকী বৰযাত্ৰী কঢ়িয়াই অনা দুৰ্ঘটনাগ্ৰস্ত বাহনখনৰ নম্বৰ হৈছে AS 16 AC 0716 আৰু ট্ৰাকখনৰ নম্বৰ হৈছে AS 01 U 9051 ৷

গোলকগঞ্জত দুৰ্ঘটনাগ্ৰস্ত বৰযাত্ৰীৰ বাহন

এই দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত জয়া ৰায়, উষা ৰায়, হিমানী ৰায়, বীৰেন ৰায়, সুজয় ৰায়, ৰঞ্জিৎ ৰায়, টেপু ৰায়কে ধৰি আহত তেৰজনক আগমনিJ সমূহীয়া স্বাস্থ্য কেন্দ্ৰত প্ৰাথমিক চিকিৎসা প্ৰদান কৰি উন্নত চিকিৎসাৰ বাবে ধুবুৰী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় । ইফালে ঘটনাস্থলীত আগমনি আৰু গোলকগঞ্জ আৰক্ষীয়ে উপস্থিত হৈ মৃতদেহ দুটা উদ্ধাৰ কৰে ।

লগতে পঢ়ক: দিল্লীত কৰ’ণাত আক্ৰান্ত আৰক্ষীৰ মৃত্যু

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.