ETV Bharat / state

Worker Missing on Indo-China Boarder: অৰুণাচলৰ পৰা সন্ধানহীন কোকৰাঝাৰৰ ২ শ্ৰমিক সংকটজনক অৱস্থাত নিজগৃহত উপস্থিত - Garia Moria Desi Jatiya Parishad demand financial assistance

বিলাসীপাৰাৰ সীমান্তৱৰ্তী তথা কোকৰাঝাৰ জিলাৰ মালগাঁও বগুলাউৰাৰ গাঁৱৰ ৭ গৰাকী শ্ৰমিকৰ ভিতৰত দুজন শ্ৰমিকক সংকটজনক অবস্থাত লৈ অনা হয় মালগাঁও বগুলাউৰাৰ নিজ বাসগৃহলৈ (two missing workers reached home in critical condition)। শ্ৰমিক দুজন ঘৰত উপস্থিত হোৱাৰ পিছতেই পোহৰলৈ আহিছে ভয়ঙ্কৰ তথ্য ।

missing worker
missing worker
author img

By

Published : Jul 27, 2022, 1:19 PM IST

বিলাসীপাৰা, ২৭ জুলাই : অৰুণাচল প্ৰদেশৰ ভাৰত-চীন সীমান্তত সন্ধানহীন হৈছিল অসমৰ ১৯ শ্ৰমিক (19 workers missing on Indo China border) । নামনি অসমৰ চাৰি জিলাৰ ১৯ গৰাকী শ্ৰমিক সন্ধানহীন হৈ পৰিছিল ভাৰত-চীন সীমান্তৰ ঘন অৰণ্যত । তাৰে মাজত সন্ধানহীন হৈছিল বিলাসীপাৰাৰ সীমান্তৱৰ্তী তথা কোকৰাঝাৰ জিলাৰ মালগাঁও বগুলাউৰাৰ গাঁৱৰ ৭ গৰাকীকৈ শ্ৰমিক ।

ইতিমধ্যে ভাৰতীয় বায়ু সেনাৰ কেইবাদিনজোৰা উদ্ধাৰ অভিযানত উদ্ধাৰ হৈছে ১৯ শ্ৰমিকৰ ভিতৰত ১০ গৰাকী শ্ৰমিক (Indian Air Force rescue 10 missing workers) । মৃত্যু হৈছে কেইবাজনৰো । আজি বিলাসীপাৰাৰ সীমান্তৱৰ্তী তথা কোকৰাঝাৰ জিলাৰ মালগাঁও বগুলাউৰাৰ গাঁৱৰ ৭ গৰাকী শ্ৰমিকৰ ভিতৰত দুজন শ্ৰমিকক সংকটজনক অবস্থাত লৈ অনা হয় মালগাঁও বগুলাউৰাৰ নিজ বাসগৃহলৈ (two missing workers reached home in critical condition)।

অৰুণাচলৰ পৰা সন্ধানহীন কোকৰাঝাৰৰ ২ শ্ৰমিক সংকটজনক অৱস্থাত নিজগৃহত উপস্থিত

শ্ৰমিক দুজন ঘৰত উপস্থিত হোৱাৰ পিছতেই পোহৰলৈ আহিছে ভয়ঙ্কৰ তথ্য । অভয়াপুৰীৰ ঠিকাদাৰ ৰেজাউল কৰিমে শ্ৰমিককেইজনক অৰুণাচলত কামৰ কথা কৈ লৈ গৈ ভাৰত-চীন সীমান্তৰ BROৰ (Boarder Roads Organisation) পথ নিৰ্মাণ সংস্থাৰ হাতত ২০ লাখ টকাত বিক্ৰী কৰি অৰুণাচলৰ পৰা পলায়ন কৰে (workers sold by Rejaul Karim to BRO contractor) । এমাহ কাম কৰাৰ পিছত ঈদত ঘৰলৈ আহিব বিচৰাত শ্ৰমিকসকলে গম পায় এই কথা ।

ঈদত ছুটি আৰু টকা বিচৰাত শ্ৰমিকসকলক মৃত্যুৰ ভাবুকি দিছিল পথ নিৰ্মাণ সংস্থাৰ কৰ্মকৰ্তাই । পিছত নিৰুপায় হৈ নিশাৰ ভাগত দুটা দলত বিভক্ত হৈ পলায়ন কৰে শ্ৰমিকসকলে । তাৰ পিছতেই ভাৰত-চীন সীমান্তৰ ঘন অৰণ্যত সন্ধানহীন হৈ পৰে শ্ৰমিকসকল । ইতিমধ্যে বিগত দুই মাহত ঘন অৰণ্যৰ মাজত প্ৰাকৃতিক দুৰ্যোগ আৰু অনাহাৰে দিন কটাই কেইবাজনো শ্ৰমিকে মৃত্যুবৰণ কৰিছে ।

বতৰ বেয়া হোৱাৰ বাবে উক্ত মৃতদেহকেইটা বৰ্তমানলৈ উদ্ধাৰ কৰিব পৰা নাই ভাৰতীয় বায়ুসেনাই । কোকৰাঝাৰ জিলাৰ মালগাঁও বগুলাউৰা গাঁৱৰ ৭ গৰাকী শ্ৰমিকৰ ভিতৰত ৪ জনক মুমূৰ্ষু অৱস্থাত উদ্ধাৰ কৰা হৈছে । জীৱন্তে উদ্ধাৰ হৈছে মনোৱাৰ হুছাইন, মাজিদুল আলী, চমিজুল শ্বেখ আৰু কলিমুদ্দিন । ঘৰ আহি পাইছে মনোৱাৰ হুছাইন আৰু মাজিদুল আলী । অৰুণাচলত চিকিৎসাধীন হৈ আছে চমিজুল শ্বেখ আৰু কলিমুদ্দিন শ্বেখ ।

আনহাতে, মৃত্য হৈছে আবুল হুছাইন, আয়নুল হক আৰু ফৰিজুল হকৰ । সদৌ অসম গৰীয়া মৰিয়া দেশী জাতীয় পৰিষদে মানৱ সৰবৰাহকাৰী অভয়াপুৰীৰ ভণ্ড ঠিকাদাৰ ৰেজাউল কৰিমক গ্ৰেপ্তাৰৰ দাবী জনাইছে (Garia Moria Desi Jatiya Parishad demand financial assistance) । লগতে মৃত্যু হোৱা শ্ৰমিককেইজনৰ পৰিয়াললৈ ৫ লাখ টকাকৈ এককালীন আৰ্থিক সাহায্য প্ৰদান কৰিবলৈ অসম চৰকাৰক দাবী জনাইছে (Demand Assam Government to financial assistance to victims) ।

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.